ASSAM TIMES POST
দিল্লী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত যোৱা নিশা হোৱা এক ভয়াবহ অগ্নিকাণ্ডত কমেও ৪৩ জন লোকৰ মৃত্যু হয়৷ দিল্লীৰ ৰাণী ঝাঞ্চি ৰ’ডৰ এটা চামৰা কাৰখানাত হোৱা এই অগ্নিকাণ্ডত আন বহু কেইজন লোক আহত হয়৷
অগ্নিকাণ্ডত আহত লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ অগ্নিকাণ্ড স্থানৰ পৰা বহু কেইজন লোকক উদ্ধাৰ কৰা হয়৷ নিশা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত চামৰা কাৰখানাটোত বহু লোক আছিল৷ ধোঁৱা আৰু জুই দেখি স্থানীয় লোকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে৷
তদুপৰি স্থানীয় লোক উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰে৷ অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱা ৫.২২ বজাত স্থানীয় লোকৰ পৰা খবৰ পোবাৰ লগে লগে সেই স্থানলৈ ১৫ খন অগ্নিনিৰ্বাপক গাড়ী প্ৰেৰণ কৰে৷ ইয়াৰ পাছত আন ১৫খন গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰে৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অশেষ চেষ্টাৰ অন্তত অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
অগ্নিকাণ্ডত আহত আৰু অসুস্থসকলক উদ্ধাৰ কৰি এল এন জে পি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷ অগ্নিকাণ্ডৰ ফলত অধিক লোক মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰে৷ কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা বৰ্তমান পোহৰলৈ অহা নাই যদিও তদন্ত আৰম্ভ হৈছে৷ ইপিনে, অগ্নিকাণ্ডত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷











