![]()
দুমাহৰ মূৰত মণিপুৰত খুলিব বিদ্যালয় (Manipur School Reopen)। ৫ জুলাইৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বীৰেন সিঙে (CM Biren Singh)। সোমবাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পাৰিব বুলিও তেওঁ কয়। মণিপুৰত অশান্তিৰ বাবে মে’ মাহৰ পৰা বিদ্যালয় বন্ধ হৈ আছিল।

সোমবাৰে এক সংবাদমেলযোগে বীৰেনে বুধবাৰৰ পৰা বিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰে। কিন্তু মণিপুৰত পূর্বেও বিদ্যালয় খোলাৰ প্রচেষ্টা হৈছিল৷ প্ৰশাসনে বিদ্যালয় খোলাৰ দিন ঘোষণা কৰাৰ পিছতো নিৰ্ধাৰিত দিনটোত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পৰা নাছিল। পৰিস্থিতি উত্তপ্ত হোৱাৰ বাবে বিদ্যালয় খোলাৰ দিন পিছুৱাই দিবলগা হয়।
অৱশ্যে সোমবাৰে বীৰেনে কয় যে ৰাজ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ (Kuki Organizations) কৃষকৰ সুৰক্ষাৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। পাহাৰ আৰু উপত্যকা অঞ্চলত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জীৱন।
সোমবাৰে মণিপুৰৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুমাহজোৰা অৱৰোধ উঠাই লয় কুকিসকলে। মণিপুৰত শান্তিৰ বাবে গৃহমন্ত্ৰীয়ে আবেদন জনোৱাৰ পিছতে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। ফলত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
বিগত দুমাহ ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা লোকৰ সংখ্যাই এশ অতিক্ৰম কৰিছে। প্ৰায় ৫০ হাজাৰ লোক গৃহহীন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহʼল। যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তি আৰম্ভ হয়।












