ASSAM TIMES POST
শিৱসাগৰ : কেবৰ বিৰুদ্ধে আজি সন্ধিয়া শিৱসাগৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰৰ জেষ্ঠ্য নাগৰিক, ব্যৱসায়ী সন্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, মহিলা মঞ্চ, বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত। সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা শিৱসাগৰ চহৰৰ মাজেদি এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি মুক্তিনাথ চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

জাতিৰ এই সংকটকালত শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিল বিশেষভাৱে সক্ষম শিল্পী হেম শইকীয়া। প্ৰতিবাদী মিছিল লৈ সুধাকন্ঠৰ গীত গাই উৎসাহিত কৰে প্ৰতিবাদী জনতাক।

আনহাতে জাতি আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই, জাতি আজি সংকটত তপন তুমি মাত দিয়া, জাতি আজি উচন হ’ল বাংলাদেশী আপোন হ’ল, কেব আমি নামানো, বিজেপি গৌ বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আদি শ্লগানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।











