
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত (Karbi Anglong’s Assam-Nagaland border) স্থাপিত হ’বলগীয়া চাৰি হেজাৰ কোটী টকীয়া সৌৰশক্তি প্ৰকল্পক (Solar Power Plant) কেন্দ্ৰ কৰি কাৰবি আংলং জিলাত এচাম লোকে ৰাজনৈতিক সুবিধাৰ বাবে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ (Allegations of propaganda) তুলি আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে (Karbi Anglong Autonomous Council) এখন সংবাদমেল (Press Meet) সম্বোধন কৰে৷

পৰিষদৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’, কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, পৰিষদৰ সচিব আৰৱ বিধায়ক দৰচিং ৰংহাঙে সমমবোধন কৰা সংবাদ মেলত কয় যে,–অসম-নাগালেণ্ড সীমান্তত পৰিত্যক্ত ওঠৰ হেজাৰ বিঘা ভূমি পৰিষদে এপিডিচিএলক আৱণ্টন দিয়া বুলি জানিবলৈ দি একাংশ লোকে এই ভূমি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্ৰ আৰু পত্নীৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ’ পৰিষদৰ ৰাজহ বিভাগৰ সচিবৰ লগতে পৰিয়ালৰ নামত পট্টা থকা বুলি মিছা অপপ্ৰচাৰ চলাইছে ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ এই পৰিত্যক্ত ভূমি সমূহত কোনো লোকৰ পট্টা নাই বুলি দাবী কৰি সংবাদমেলত কয় যে, এই ভূমি সম্পূৰ্ণৰূপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ৷ পৰিষদৰ দাঁতি কাষৰীয়া গাঁও সমুহৰ জন সাধাৰণৰ প্ৰতি লক্ষ ৰাখি ৰাজহ গাঁওসমূহ এই প্ৰকল্পৰ পৰা বাহিৰত ৰখা হৈছে৷ প্ৰকল্পৰ ফলত দাঁতি কাষৰীয়া গাঁওসমূহৰ কোনো ক্ষতি নহয় বুলি উল্লেখ কৰি ছোট লেংৰী, বৰ লেংৰী, লালমাটি, লাহৰিজান, কাৰাগাঁও অঞ্চলত সামৰি এই ওঠৰ হেজাৰ বিঘা ভূমি আৱণ্টন দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে ৷ যদি প্ৰকল্পৰ অধীনত কোনো গাঁও অথবা ব্যক্তিৰ পট্টা মাটিৰ অন্তৰ্ভূক্ত হয় তেনেহলে পৰিষদে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে৷
এই প্ৰকল্প দেশৰ ভিতৰত দ্বিতীয় সৰ্ব বৃহৎ সৌৰ প্ৰকল্প বুলি উল্লেখ কৰি ইয়াৰ ৮০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে ২০ শতাংশ ব্যয় কৰিব বুলি সদৰি কৰে৷ প্ৰকল্পৰ পৰা উৎপাদিত সৌৰ শক্তিৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ ১০ শতাংশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ হিচাপে লাভ কৰিব বুলি প্ৰকাশ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত কাৰবি আংলং জিলাৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে৷
লগতে প্ৰকল্পসমথলীৰ সমীপৰ গাঁওসমূহে বিনামূলীয়াকৈ বিদ্যুত সেৱা লাভ কৰিব বুলিও প্ৰকাশ কৰে৷ এই প্ৰকল্পৰ জৰিয়তে আন্তৰাজ্যিক সীমান্ত সুৰক্ষিত হোৱাৰ লগতে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা চলি থকা ভূমি বেদখলৰ সমস্যা সমাধান হব বুলিও পৰিষদে দাবী কৰে ৷