![]()
শ্বাহৰুখ খানে (Shahrukh Khan) এতিয়া ব্যক্তিগত সাক্ষাৎকাৰ নিদিয়ে। পুত্ৰ আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ পিছত অধিক কঠোৰ হৈছে। তেওঁক কেতিয়াবা মান্নাতৰ টেৰেচত, বা টুইটাৰত দেখা যায়। ‘পাঠান’ মুক্তিৰ পূৰ্বেই ‘AskSRK session’ আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে। তাত তেওঁ অনুৰাগীৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। সোমবাৰে টুইটাৰযোগে কিছু সময়ৰ বাবে নেটিজেনৰ প্ৰশ্নৰ সন্মুখীন হʼল শ্বাহৰুখ ‘Ask SRK’ ৰ জৰিয়তে। তাতে এজন অনুৰাগীয়ে শ্বাহৰুখক তেওঁৰ সঘনাই ধূমপানৰ অভ্যাসৰ বিষয়ে প্ৰশ্ন কৰে। উত্তৰত হাঁহি অভিনেতাগৰাকীৰ। আনহাতে, চকুত চকুলো অনুৰাগীৰ।

আপুনি ধূমপান এৰিছেনে? উত্তৰত কিং খানে নিজৰ হাস্যৰস দিবলৈ নাপাহৰিলে। এজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কয়, “হয়, তেওঁ মিছা কথা কৈছিল! চাৰিওফালে ধোঁৱা আৰু হাতত তেওঁৰ কেন্সাৰৰ চাবিকাঠি।”
এনে উত্তৰত কিঙৰ অনুৰাগীসকল চিন্তিত হৈ পৰে। চিন্তিত হৈ তেওঁলোকে লিখিলে, “কি ক’লে! চকুলো ওলাই আহিল মোৰ। আপোনাৰ কেতিয়াও একোৱেই হʼব নোৱাৰে। আপুনি থাকিব লাগিব, কাৰণ এই পৃথিৱীখনক অধিক আৰু অধিক প্ৰেমৰ প্ৰয়োজন।” আৰু এজনে লিখিছে, “ভয় লাগে এনেকৈ কিয় কয়। মই সদায় প্ৰাৰ্থনা কৰোঁ যে আপুনি সুস্থ হৈ থাকক।” আন এজনে লিখিছে, “আপুনি সদায় সুখী হওক, আপোনাৰ স্বাস্থ্যৰ যত্ন লওক।”
সঘনাই ধূমপান কৰাত অভ্যস্ত শ্বাহৰুখ। তেওঁৰ খাদ্যাভ্যাস হৈছে কʼলা কফি, কাবাব আৰু চিগাৰেট। বছৰ বছৰ ধৰি এনেকৈয়ে চলি আছে। পিছে কিঙে স্পষ্টকৈ কয় যে তেওঁ নিজৰ কোনো পুৰণি অভ্যাস পৰিত্যাগ কৰা নাই।













