শিশুসকলৰ সুৰক্ষা (Safety of children)ৰ স্বাৰ্থত অসম চৰকাৰ (Assam Govt.)ৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত আৰম্ভ হৈছে ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক সজাগতা অভিযান (Awareness campaign)৷ এই একে উদ্দেশ্য আগত ৰাখি আজিৰে পৰা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰা শুভাৰম্ভ হৈছে এই সজাগতা অভিযান ৷ আজি দিনৰ ১০ বজাত জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সন্মিলন কক্ষত শুভাৰম্ভ কৰা হৈছে ‘সুৰক্ষিত শৈশৱ (Soroxito Xaisihab), সোণালী অসম (Snali Axom)‘ শীৰ্ষক ৯০ দিনীয়া সজাগতা কাৰ্যসূচী৷
এইলৈ কাৰবি আংলং জিলাৰ সহকাৰী উপায়ুক্ত নুপূৰ বৰাই বন্তি প্ৰজলন আৰু স্বাক্ষৰ অভিযানেৰে শুভাৰম্ভ কৰে উক্ত অভিযান৷ ৯০ দিনীয়া সজাগতা সভাৰ আজিৰ উদ্ধোধনী কাৰ্যসূচীত জিলা সহকাৰী উপায়ুক্ত নূপুৰ বপা, জিলা সমাজ কল্যান বিষয়া হেলেন তেৰাঙপী, শ্ৰম বিষয়া অপৰ্ণা কিন্দু জুবিনাইল জাষ্টিছ বোৰ্ডৰ পুষ্পলতা গগৈ, চিডব্লিউচিৰ বিষয়া বুলু তেৰাঙকে ধৰি বিভিন্ন দল-সংগঠনৰ শীৰ্ষ নেতা-কৰ্মী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷
উপস্থিত অতিথিসকলে সম্প্ৰতি সমাজত ব্যাধি হিচাপে দেখা দিয়া সময়ত শিশু সৰবৰাহ, শিশু নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য-বিবাহ আদি সমস্যা সন্দৰ্ভত কেনেদৰে সমাধান কৰি তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ সজাগতাৰ সৃষ্টিৰে এনে সমস্যাৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাৰ ওপৰতো আলোকপাত কৰে৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চিডব্লিউচিৰ বিষয়া বুলু তেৰাঙে কয় যে, অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি জিলা জুৰি ‘সুৰক্ষিত শৈশৱ, সোণালী শৈশৱ ‘ শীৰ্ষক ৯০ দিনীয়া সজাগতা কাৰ্যসূচীৰ উদ্দেশ্য আজি ডিফুত এই শুভাৰম্ভনি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ অৱশ্যে অসমৰ অইন জিলাৰ দৰে কাৰবি আংলং জিলাত কাৰ্যসূচীৰ কিছু সাল-সলনি কৰা হ’ব পাৰে৷ বিশেষকৈ কাৰবি আংলঙৰ দৰে পাহাৰীয়া এলেকাত মাইকেৰে সজাগতা সৃষ্টি কৰিলে সকলো শুনাত বাধা প্ৰাপ্ত হ’ব৷ আৰু সৰু সৰু এলেকাত কম সংখ্যক মানুহৰ সমাগমত বাটৰ নাট প্ৰদৰ্শন কৰাত অসুবিধা হ’ব পাৰে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷
অৱশ্যে ইয়াৰ বিকল্প কাৰ্যসূচীৰ কথা বিবেচনা কৰা হ’ব বুলি কয়৷ আৰু সকলো সজাগতামূলক কাৰ্যসূচীত সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছে বুলু তেৰাঙে৷ সমগ্ৰ ৯০ দিনীয়া সজাগতামূলক কাৰ্যসূচীত প্ৰশাসনিক বিষয়া সকল আৰুলশিশু সুৰক্ষাৰ লগত জড়িত বিষয়া সকল সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷