ASSAM TIMES POST
নতুন দিল্লীঃ সংসদত উত্থাপনৰ বাবে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক অনুমোদন জনোৱাৰ পাছত অহা সোমবাৰে বিধেয়কখন লোকসভাত উত্থাপন কৰা হ’ব।
বৃহস্পতিবাৰে লাভ কৰা তথ্য অনুসৰি, সোমবাৰে বিধেয়কখন উত্থাপনৰ পাছত মঙলবাৰে সংসদত ইয়াৰ ওপৰত আলোচনা চলিব। ইয়াৰ বাবে ৪ ঘন্টা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে সোমবাৰৰ দিনটোত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এনডিএৰ সকলোবোৰ অংশীদাৰ দলৰ সাংসদসকলক সংসদত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে এনডিএৰ অন্তৰ্গত একাংশ দলে এই বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আলোচনা উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে।












