দিল্লীৰ মুখ্যমন্ত্ৰী (Chief Minister of Delhi) তথা আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) মঞ্চত চকুপানী (Tears on stage) ধৰি ৰাখিব নোৱাৰিলে। দিল্লী মহানগৰীত এখন নতুন বিদ্যালয় উদ্বোধন কৰিবলৈ গৈছিল। আৰু তাতেই জে’লত থকা চিছোদিয়াক মনত পেলাই কেজৰিৰ চকুত চকুলোৰে ভৰি পৰে।
দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত যোৱা কেইমাহমানৰ পৰা কাৰাগাৰত বন্দী হৈ আছে মনীষ চিছোদিয়া (Prisoner Manish Sisodia)। চিছোদিয়াই বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। আজি তেওঁৰ কথা ভাবি কেজৰিৱালে চকুলো টুকিছে।আজি নতুন বিদ্যালয়খন উদ্বোধন কৰাৰ সময়ত তেওঁ কয়, “আজি মনীষজীক বহুত মিছ কৰিছো। তেওঁ এই কাম আৰম্ভ কৰিছিল। তেওঁৰ সপোন আছিল যে প্ৰতিটো শিশুৱে উত্তম শিক্ষা লাভ কৰক। স্কুল নিৰ্মাণ কৰা আৰু লʼৰা-ছোৱালীয়ে উপযুক্ত শিক্ষা লাভ কৰাটো বিচৰাৰ বাবেই তেওঁক জে’ললৈ পঠিওৱা হৈছে।” গেৰুৱা শিবিৰৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে ‘দিল্লীত শিক্ষা বিপ্লৱৰ অন্ত পৰাটো নিশ্চিত কৰিব বিচাৰিছে।
কিন্তু আমি তেনেকুৱা হʼবলৈ নিদিওঁ। একে সময়তে তেওঁ গধুৰ মাতেৰে কয়, “মিছা গোচৰ ৰুজু কৰা হৈছে, ভুৱা অভিযোগ উত্থাপন কৰা হৈছে। এজন ভাল মানুহক কাৰাগাৰত ভৰাই থোৱা হৈছে। দেশত মুক্তভাৱে ঘূৰি ফুৰিছে বহুতো ডকাইত। মনীষ চিছোদিয়াই ভাল শিক্ষা আৰু ভাল বিদ্যালয় সৃষ্টি কৰিব নিবিচাৰিলে জে’ললৈ পঠিওৱা নহʼলহেঁতেন৷” আজিৰ দিনটোতে কেজৰিৱালে পুনৰ কয়, “আমি তেওঁৰ সপোন পূৰণ কৰিব লাগিব। তেওঁৰ কাম যাতে বন্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মোৰ বিশ্বাস অতি সোনকালে তেওঁক মুকলি কৰি দিয়া হʼব।
সত্য কেতিয়াও পৰাজিত হ’ব নোৱাৰে। সত্যৰ পথ অনুসৰণ কৰাসকলক ঈশ্বৰে সহায় কৰে।” একে সময়তে মনীষ চিছোদিয়াই কয়, “মুক্তি নোপোৱালৈকে শিক্ষা খণ্ডই দুগুণ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু শিশুসকলৰ বাবে উত্তম শিক্ষা নিশ্চিত কৰিব লাগিব।”