১৪ বছৰীয়া নাবালিকা এগৰাকী গৰ্ভপাত কৰিবলৈ ইচ্ছুক নহয় (14-year-old girl reluctant to abort)। তেনে এক আবেদন লৈ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court) কাষ চাপিছিল। দীৰ্ঘদিনীয়া সোধাপোছাৰ অন্তত আদালতে তেওঁক শিশুগৃহলৈ পঠিয়াবলৈ নিৰ্দেশ দিয়ে।
এজন যুৱকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হয় নাবালিকাগৰাকী। যুৱকজন এতিয়া POCSO আইনৰ অধীনত জে’লত আছে। আনহাতে, গৰ্ভৱতী নাবালিকাগৰাকীৰ শাৰীৰিক পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে তেওঁ ২৭ সপ্তাহৰ গৰ্ভৱতী।
এই পৰ্যায়ত গৰ্ভপাত কৰিলে একাধিক শাৰীৰিক সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছতে নাবালিকাগৰাকী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। শিশুটি জন্ম দিবলৈ আদালতত আবেদন জনাই নাবালিকাগৰাকীয়ে কয় যে জন্মৰ পিছত শিশুটিক আশ্ৰমত ৰাখিব। নাবালিকাগৰাকীক সহায় কৰিছে তেওঁৰ ২২ বছৰীয়া ভাতৃয়ে।
উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ, “মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্স আইন অনুসৰি, গৰ্ভপাতৰ বাবে সংশ্লিষ্ট ‘মহিলা’গৰাকীৰ সন্মতিৰ প্ৰয়োজন।” কিন্তু এই ক্ষেত্ৰত আবেদনকাৰী নাবালিকা। গতিকে ১৯৭১ চনৰ মেডিকেল টাৰ্মিনেচন অৱ প্ৰেগনেন্স আইনৰ ২ (ক) ধাৰা অনুসৰি নাবালিকাৰ অভিভাৱকৰ অনুমতিৰ প্ৰয়োজন। শিশুটিৰ জন্ম নোহোৱালৈকে নাবালিকাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব চৰকাৰে।