২৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয়। দিলীপ কুমাৰ, অমিতাভ বচ্চন, দেৱ আনন্দৰ মাতৃ হিচাপে বহুবাৰ পৰ্দাত দেখা পোৱা গৈছে। হিন্দী চিনেমাৰ জগতত বহু সময় কটোৱা অভিনেত্ৰী সুলোচনা লটকাৰে (Sulochana Latkar) ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দেওবাৰে মুম্বাইৰ দাদৰ অঞ্চলৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাৰ্ধক্যৰ বাবেই প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।
