আন্তৰ্জাতিক মিলেট বৰ্ষৰ (International Millet Year) লগত সংগতি ৰাখি আজি কাৰ্বি আংলং (Karbi Anglong) জিলা কৃষি বিভাগৰ উদ্যোগত লুম্বাজং কৃষি উন্নয়ন চক্ৰৰ (Lumbazong Agricultural Development Circle) চেডেং টেৰাং গাঁৱত (Sedeng Terang Gaon) “অসমত কৃষকৰ বাবে মিলেট” (“Millet for farmers in Assam”) শীর্ষক এখন সজাগতা সভাৰ (Awareness Meeting) আয়োজন কৰা হয়।
প্ৰায় ৫০গৰাকী কৃষকে উক্ত সভাত অংশগ্ৰহণ কৰে। সভাখনত জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন’ডেল অফিচাৰ চাৰডিং তিচু’, মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী কংকনজ্যোতি বৰা,লুম্বাজঙৰ কৃষি উন্নয়ন বিষয়া পিৰবি তিচ’পি আৰু অন্যান্য ব্যক্তিসকল উপষ্ঠিত থাকে।
আনহাতে মিলেটৰ অভিজ্ঞ খেতিয়ক চনাসিং ইংতিয়ে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰে। সভাত মিলেটৰ খেতি,ইয়াৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ ,বজাৰ ব্যৱস্হা আদিৰ বিষয়ে অৱগত কৰা হয়।