ওড়িশাত (Odisha Train Tragedy) ৩ খনকৈ ৰে’ল দুৰ্ঘটনাত পতিত হোৱাত মৃত্যুৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। সমগ্ৰ ঘটনাক লৈ চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi)। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে জৰুৰী বৈঠক আহ্বান কৰি পৰিস্থিতি পুনৰীক্ষণ কৰে। শুকুৰবাৰে সন্ধিয়া চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ মাজত দুৰ্ঘটনা সংঘটিত হয়। একে সময়তে এখন মালবাহী গাড়ীও দুৰ্ঘটনাত পতিত হয়।
