মৰুৰাজ্য নামেৰে জনাজাত। কিন্তু মেʼ মাহতেই বিগত এশ বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ ৰাজস্থান (Highest rainfall in Rajasthan)ত! বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যখনত ৬২.৪ মিলিমিটাৰ বৰষুণ (62.4 mm rainfall in May) হৈছে। যোৱা বছৰ এই একে মাহতে বৰষুণৰ পৰিমাণ আছিল মাত্ৰ ১৩.৬ মিলিমিটাৰ! অৰ্থাৎ বিগত বছৰৰ তুলনাত এই বছৰ ৰাজস্থানত প্ৰায় ৫ গুণ বেছি বৰষুণ হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে যে আৰু কেইদিনমানৰ বাবে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।অন্তিমবাৰৰ বাবে ৰাজস্থানত মে’ মাহত ৬০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছিল ১৯১৭ চনত। সেই বছৰ ৰাজস্থানত ৭১.৯ মিলিমিটাৰ বৰষুণ হৈছিল। ১০০ বছৰতকৈও অধিক সময়ৰ পাছত পুনৰ মৰুৰাজ্যত প্ৰচণ্ড বৰষুণ পৰিল।
এয়া জলবায়ু পৰিৱৰ্তনৰ ইংগিত নেকি, বতৰ বিজ্ঞান বিভাগে পিছে ইয়াৰ কোনো উত্তৰ দিয়া নাই। বতৰ বিজ্ঞানীসকলে জনোৱা মতে, আৰু কেইবছৰমানৰ বাবে বৰষুণৰ হাৰ তীক্ষ্ণ নিৰীক্ষণ আৰু বিচাৰ কৰাৰ পিছতহে এই কথা জানিব পৰা যাব।
বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, ভূমধ্যসাগৰীয় অঞ্চলত সঘনাই পশ্চিমীয়া ধুমুহাৰ সৃষ্টি হোৱাৰ বাবেই ৰাজস্থানত এই প্ৰবল বৰষুণ চলি আছে। এই ধুমুহাৰ বাবেই দেশৰ উত্তৰ-পশ্চিম ৰাজ্যত অকাল বৰষুণ হয়। অহা মঙলবাৰলৈ ৰাজস্থানত বৰষুণ হʼব পাৰে। যোধপুৰ, আজমিৰ, জয়পুৰ, ভাৰতপুৰ আদি চহৰত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। দেওবাৰ আৰু সোমবাৰে বৰষুণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব পাৰে। বুধবাৰৰ পৰা বৰষুণ হ্ৰাস পাব পাৰে। তাৰ পিছত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পাব পাৰে।