কৰ্ণাটক (Karnataka)ত কাৰখানা স্থাপনৰ উদ্যোগ লৈছে বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফক্সকনে (manufacturing company Foxconn)। উক্ত কাৰখানাত মূলত আইফোন নিৰ্মাণ কৰা হʼব বুলি কোৱা হৈছে। জানিব পৰা মতে, কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ সমীপৰ দেৱনাহল্লী অঞ্চলত ফক্সকনে এটা কাৰখানা নিৰ্মাণৰ উদ্যোগ লৈছে।
ইতিমধ্যে ৰাজ্য চৰকাৰে মাটিও প্ৰদান কৰিছে। কোৱা হৈছে যে অহা বছৰৰ এপ্ৰিলৰ পৰা কাৰখানাটোত আইফোন উৎপাদন আৰম্ভ (iPhone production begins) হʼব। ফক্সকনে বছৰি ২০ লাখ আইফোন উৎপাদন কৰাৰ লক্ষ্য লৈছে। ইফালে কাৰখানাটো নিৰ্মাণ কৰিলে কমেও ৫০ হাজাৰ লোকে চাকৰি পাব বুলিও কোৱা হৈছে।