![]()
পত্নীৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে কাৰাগাৰত থকা স্বামীক অস্থায়ী মুক্তিৰ অনুমতি প্ৰদান কৰে। পত্নীৰ লগত থাকিবলৈ উক্ত ‘ছুটী’ পায়। অভিযুক্তৰ বিৰুদ্ধে এজন যুৱকক হত্যা কৰাৰ অভিযোগ আদালতত প্ৰমাণিত হয়। তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। পত্নীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কয়দীজনক কিছুদিনৰ বাবে মুকলি কৰি দিয়া হয়।
বিহাৰ (Bihar)ত সংঘটিত হয় এই ঘটনা। স্বামীৰ মুক্তিৰ বাবে আবেদন কৰি পাটনা উচ্চ ন্যায়ালয়ৰ (Patna High Court) দৃষ্টি আকৰ্ষণ কৰে ৰঞ্জিতা পেটেলে। তেওঁৰ স্বামী বিকি আনন্দ পেটেলে (Vicky Anand Patel) ৭ বছৰ পূৰ্বে এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত মৃত্যু হয় যুৱকজনৰ। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাও বিকিৰ ওপৰত জাপি দিয়া হয় আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ৰঞ্জিতাৰ সৈতে বিয়াৰ মাত্ৰ পাঁচ মাহতে এই ঘটনা ঘটে। ফলত পত্নীৰ লগত পাঁচ মাহতকৈ বেছি সময় কটাব নোৱাৰিলে।

আদালতত ৰঞ্জিতাই কয় যে তেওঁৰ স্বামী ৭ বছৰ জে’লত আছে। বিয়াৰ পাঁচ মাহৰ পিছৰ পৰাই জে’লত আছে। ফলত তেওঁ স্বামীৰ লগত পৰ্যাপ্ত সময় কটাব পৰা নাছিল। অনাগত দিনত বন্ধ্যা হʼব পাৰে বুলিও আদালতত আশংকা প্ৰকাশ কৰে কয়দীগৰাকীৰ পত্নীয়ে (Ranjita also feared in court that he could be infertile)। মানৱতাৰ স্বাৰ্থত স্বামীক কিছুদিনৰ বাবে মুকলি কৰি দিবলৈ অনুৰোধ কৰিলে। ৰঞ্জিতাই আদালতত কয় যে তেওঁলোকৰ বিবাহ সম্পূৰ্ণ বৈধ।
পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজীৱ ৰঞ্জন সিঙে এই আবেদনৰ অনুমতি দিয়ে। তেওঁ অভিযুক্তক ৯০ দিনৰ বাবে সময় দিয়ে। আদালতৰ এই আদেশত তেওঁ সুখী।
জে’লৰ নিয়ম অনুসৰি, গৰ্ভৱতী অৱস্থাত অপৰাধ সংঘটিত কৰা মহিলাক জে’ললৈ প্ৰেৰণ কৰিব নোৱাৰি। কাৰণ তেওঁ অপৰাধ সংঘটিত কৰিছিল। তেওঁৰ গৰ্ভস্থ সন্তানটো নিৰ্দোষী। মাতৃৰ দোষত শাস্তি দিয়াৰ কোনো নিয়ম নাই। একেদৰে পাটনা উচ্চ ন্যায়ালয়ে এই গোচৰতো স্বামীৰ অপৰাধৰ বাবে পত্নীক শাস্তি দিব বিচৰা নাছিল। সেয়েহে আবেদনৰ অনুমতি দিয়া হয়।
আদালতৰ মতে, কাৰাগাৰত থকা যিকোনো কয়দীৰ বিয়া হʼলে বা পৰিয়ালৰ কোনো সদস্য অসুস্থ হʼলে অস্থায়ী মুক্তিৰ অনুমতি দিয়া হয়। এই ক্ষেত্ৰতো সেই নিয়ম অনুসৰি ‘ছুটী’ দিয়া হৈছে।











