বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Bokakhat Higher Secondary School) শিক্ষয়িত্ৰী ড° বিষ্ণুপ্ৰিয়া শইকীয়া (Teacher Dr. Bishnupriya Saikia) (৩৭)ৰ আজি পুৱা দেহাৱসান (Pass away) ঘটে। বিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী আছিল শইকীয়া।
তিতাবৰৰ চিকিৎসক ডাঃ সঞ্জয় শৰ্মাৰ পত্নী ড° বিষ্ণু প্ৰিয়া শইকীয়া দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আজি পুৱা তেখেতৰ মৃত্যু হয়। ডঃ বিষ্ণুপ্ৰিয়া শইকীয়াৰ মৃত্যুত বোকাখাতত শোকৰ ছাঁ পৰিছে। গুৱাহাটীৰ পৰা তিতাবৰৰ ঘৰলৈ নিয়াৰ বাটত কৰ্মস্থান বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছু সময় ৰাখি বিদ্যালয় পৰিয়ালে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।