ইউক্ৰেইনৰ (Ukraine) ডিনপ্ৰো (Dnipro) অঞ্চলৰ এখন চিকিৎসালয়ত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। এই ঘটনাত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে কমেও ২১জন লোক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। দুৰ্যোগ সঁহাৰি বাহিনীয়ে চিকিৎসালয়খনত উদ্ধাৰ অভিযান চলাই আছে। খবৰ অনুসৰি, আহতসকলৰ ভিতৰত দুটা শিশুও আছে। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক।
প্ৰদেশখনৰ ৰাজ্যপাল চেৰহি লিছাকে কয় যে প্ৰথমে ৰকেট আৰু ড্ৰোন ব্যৱহাৰ কৰি চহৰখনত আক্ৰমণ কৰা হৈছিল। ৰাছিয়াই ৰাজধানী কিয়েভতো আক্ৰমণ কৰে। তাত ঘৰ, শ্বপিং মল আৰু কেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এটা ভিডিঅ’ পোষ্ট কৰে। তাত দেখা গৈছে চিকিৎসালয়ৰ ভৱনৰ পৰা ধোঁৱা ওলাই আছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।