কৰ্মসূত্ৰে বহি:ৰাজ্যত থকাৰ বাবে নাবালিকা ভগ্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলে। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ জানিব পাৰে যে ভনীয়েকৰ শৰীৰত একাধিক কামোৰৰ চিন আছিল। তেওঁৰ ভগ্নী ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ (Sister-raped victim suspected)। উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ এজন ব্যক্তিৰ এই অভিযোগত ভগ্নীৰ মৃতদেহ কবৰ খান্দি উলিয়ালে (sister’s body was dug up in the grave) আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২২ মেʼত আলিগড় জিলাৰ বাহাদুৰপুৰ গাঁৱত এগৰাকী নাবালিকাৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকে ভাবিছিল যে তেওঁ আত্মহত্যা কৰিছে। অৱশ্যে আৰক্ষী থানাৰ ওচৰ চপাৰ পৰিৱৰ্তে নাবালিকাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। সেই সময়ত অভিযোগকাৰী কৰ্মসূত্ৰে বিহাৰত আছিল। আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত ব্যক্তিজনে দাবী কৰে যে তেওঁ নিজৰ ভগ্নীৰ অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত ঘৰলৈ উভতি আহিছিল। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ লোকৰ পৰা গম পায় যে ভনীয়েকৰ গোটেই শৰীৰত কামোৰৰ দাগ আছে। আনকি কেইবাঠাইত ক্ষতচিহ্নও আছিল। ইয়াৰ পিছত তেওঁ সন্দেহ কৰে যে ভগ্নীক ধৰ্ষণ কৰা হʼব পাৰে। সেইবাবেই তেওঁ থানাত অভিযোগ দিয়ে।
সংবাদ মাধ্যমৰ আগত ব্যক্তিজনে কয়, “যোৱা সোমবাৰে ঘৰৰ পৰা ফোন আহিছিল যে মোৰ ভগ্নীয়ে আত্মহত্যা কৰিছে। কিন্তু বিহাৰত থকাৰ বাবে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলোঁ। ঘৰৰ মানুহে কয় যে সোমবাৰে নিশা পিতৃ ঘৰত নাছিল। দুয়োগৰাকী ভগ্নী শুই আছিল। পুৱা সাৰ পাই এগৰাকী ভগ্নীয়ে এটা ভয়ংকৰ দৃশ্য দেখিলে। যদিও ৰছীডাল ডিঙিত লাগি আছিল, ভগ্নীৰ ভৰি দুখন মজিয়াত ৰখা ইটা এটাৰ ওপৰত থিয় হৈ আছিল। অন্ত্যেষ্টিক্ৰিয়া নিয়মানুসাৰে স্নান কৰোৱা অৱস্থাত ভগ্নীৰ মৃতদেহত ক্ষতচিহ্ন দেখা গৈছিল। মোৰ সন্দেহ হৈছে তেওঁক ধৰ্ষণ কৰা হৈছে।”
আৰক্ষীয়ে জনোৱা মতে, দণ্ডাধীশৰ উপস্থিতিত নাবালিকাৰ মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আলিগড়ৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) পলাশ বংশালে কয়, “নাবালিকাৰ পৰিয়ালৰ এজন সদস্যৰ সন্দেহৰ ভিত্তিত এজাহাৰ দাখিল কৰা হৈছে। আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছো।”