হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg) আৰু নৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় সান্নিধ্য ভূঞাৰ (Sannidhya Bhuyan) যুগলবন্দীয়ে শ্ৰোতা ৰাইজক বাৰুকৈয়ে মোহিলে। শেহতীয়াকৈ “বাঁহী” এপটোৰ জৰিয়তে মুক্তিপ্ৰাপ্ত “নিশিগন্ধা” (Nishigandha) শীৰ্ষক গীতটিয়ে ক্ষন্তেকতে সামাজিক মাধ্যমত টোলপাৰ লগাইছে। হাৰ্টথ্ৰৱ জুবিন গাৰ্গ একোগৰাকী উঠি অহা প্ৰজন্মৰ গায়ক-গায়িকাৰ বাবে অনুপ্ৰেৰণাৰ উৎস।
তেখেতৰ সৈতে এখন মঞ্চত গীত পৰিৱেশন কৰা অথবা এটা মাত্ৰ তেখেতৰ সৈতে শাৰী গুণগুণাই দিয়াটোৱে বহুতৰ বাবে সপোন স্বৰূপ। সান্নিধ্য ভূঞাৰ তেনে এক সপোনক সফলকাম কৰি জুবিন গাৰ্গে কণ্ঠদান কৰিলে সান্নিধ্য ভূঞাৰ সৈতে একেলগে। গীতটোৰ সংগীত পৰিচালনা অভিক্ষিতৰ।
গীতটিয়ে মুক্তিৰ পূৰ্বৰে পৰা ইমান জনপ্ৰিয়তা লভিলে যে মুক্তিৰ পিছতেই সামাজিক মাধ্যমত প্ৰায় সকলো দিশতেই সকলোৱে নিজৰ এখন ফটো বা ভিডিঅ’ ৰ সৈতে গীতটিক সাঙুৰি ল’লে। শেহতীয়াকৈ গীতটিত বৰ্ষাৰাণী বিষয়াইও নৃত্য কৰা দেখিবলৈ পোৱা গ’ল। ক’লে- “ইমান সুন্দৰ গীত আৰু এবাৰ নাচি নিদিয়াকৈ পাৰি নে?”