![]()
আবকাৰী গোচৰত মনীষ চিছোদিয়া (Manish Sisodia)ৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি (Judicial custody extended till June 1) পালে। মঙলবাৰে দিল্লীৰ আদালতে এই নিৰ্দেশ দিয়ে। জিম্মাত থকাৰ সময়সীমা বৃদ্ধি কৰাৰ উপৰি ন্যায়াধীশগৰাকীয়ে কয় যে মনীষ চিছোদিয়াক জে’লৰ ভিতৰত চকী, টেবুল আৰু কিতাপ পঢ়িবলৈ দিয়া হʼব।

আজি আদালতৰ পৰা ওলাই অহাৰ সময়ত মনীষ চিছোদিয়াক কেন্দ্ৰৰ অধ্যাদেশ বিধেয়ক সন্দৰ্ভত তেওঁৰ মতামত বিচৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে। তদুপৰি মোডী অহংকাৰী হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত দিল্লী চৰকাৰে আবকাৰী নীতি ৰূপায়ণ কৰিছিল। কিন্তু দুৰ্নীতিৰ অভিযোগৰ বাবে ২০২২ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে এই নীতি বাতিল কৰা হয়।










