‘The Kerala Story’ চোৱাৰ পিছত ভাঙি গʼল ভিন্নধৰ্মী যুগলৰ প্ৰেম। কাজিয়াৰ শেষত প্ৰেমিকাই প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি, তেওঁক ধৰ্ম সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।
মধ্য প্ৰদেশৰ ইন্দোৰৰ খজৰানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে এগৰাকী ২৩ বছৰীয়া যুৱক। যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে সম্পৰ্কত থকা বুলি আৰক্ষীক জনায়। দুয়ো একেলগে আছিল। বহুদিনলৈ যুৱকজনে তেওঁক ধৰ্ম সলনি কৰিবলৈ হেঁচা দি আছিল। দুয়োজনে একেলগে চিনেমা হলত ‘দা কেৰেলা ষ্ট’ৰী’ চাবলৈ গৈছিল। ইয়াৰ পিছত তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয়। যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দিয়ে।
খজৰানা থানাৰ পৰিদৰ্শক দীনেশ বাৰ্মাই কয় যে মধ্যপ্ৰদেশৰ ধৰ্মীয় স্বাধীনতা আইন, ২০২১ৰ অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। এই আইনৰ অধীনত বলপূৰ্বক ধৰ্মান্তৰকৰণ অপৰাধ।
আৰক্ষীয়ে লগতে কয় যে যুৱতীগৰাকীয়ে এফআইআৰত তেওঁ ধৰ্ম সলনি কৰাৰ বাবে মানসিক হাৰাশাস্তিৰ অভিযোগো উত্থাপন কৰে।
‘দ্য কেৰালা ষ্ট’ৰী’ চোৱাৰ পিছত যুৱতীগৰাকীয়ে যোৱা ১৯ মেʼত প্ৰেমিকৰ বিৰুদ্ধে থানাত লিখিত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত যুৱকজনে দ্বাদশ শ্ৰেণীলৈ পঢ়া-শুনা কৰি নিবনুৱা হৈ আছে। আনহাতে, যুৱতীগৰাকী উচ্চ শিক্ষিত আৰু ব্যক্তিগত কোম্পানীত কাম কৰে। চাৰি বছৰ ধৰি দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল। কিশোৰীগৰাকীৰ সকলো অভিযোগৰ বিতং তদন্ত চলি আছে।