বোকাখাতৰ কুৰুৱাবাহী (kuruwabahi of the Bokakhat)ৰ প্ৰবীণ বিজেপি নেতা বিবেকানন্দ ধৰৰ (Veteran BJP leader Vivekanand Dhar) আজি পুৱা দেহাৱসান (Died) ঘটে (৬৩)। নেতাগৰাকীৰ মৃতদেহত বিজেপিৰ পতাকা পৰিধান কৰোৱাই বিদায় দিলে সতীৰ্থই। ধৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বিজেপীৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ মাজত। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যি সময়ত বিজেপিৰ কোনো ঢৌ নাছিল, সেই সময়ত বোকাখাতত দলটোক আঁকোৱালি থকা তিনিজন ব্যক্তিৰ অন্যতম আছিল ধৰ।
সেই তিনিগৰাকী আছিল লক্ষ্য শৰ্মা, শম্ভু দেৱ আৰু বিবেকানন্দ ধৰ। ইয়াৰে শম্ভু দেৱৰ কোভিডত মৃত্যু হয়। বিবেকানন্দ ধৰো কোভিড আক্ৰান্ত হৈছিল যদিও আৰোগ্য লাভ কৰিছিল। কিন্তু কলিজাত ৯ টাকৈ বিন্ধা লৈ মৃত্যুৰ ক্ষণ গণিছিল বিবেকানন্দ ধৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দৰ্শন আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বিবেকানন্দ ধৰ বিজেপিৰ এই জনপ্ৰিয়তাৰ অৱস্থাত হৈ পৰিছিল শয্যাশায়ী। বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বৰে পৰা ধৰৰ সৈতে হৈছিল সুসম্পৰ্ক আছিল বুলি জনা যায়। বিজেপিৰ যুৱ মৰ্চাৰ লক্ষীমপুৰত অনুষ্ঠিত এখন সাংগঠনিক সভালৈ আহিছিল মোদী।
তেতিয়াই মাটিত বহি একে লগে সভা কৰিছিল। ধৰৰ সাংগঠনিক বক্তব্যত অভিভূত হৈছিল মোদী। লক্ষীমপুৰৰ এই সভাৰ ছমাহৰ পাছতে মোদী মুখ্যমন্ত্ৰী হ’ল গুজৰাটৰ। অসমত তেতিয়া কংগ্ৰেছৰ দিন। তাৰ মাজতেই প্ৰত্যাহ্বান গ্ৰহণ কৰি যি সকলে অসমত বিজেপিৰ ভেটী বান্ধিবলৈ মৰসাহ কৰিছিল তাৰে এজন বোকাখাতৰ কুৰুৱাবাহীৰ বিবেকানন্দ ধৰ। হাৰ্টৰ ৯ টা ব্লক লৈ বিগত দিন সমূহত বিচনাতে পাৰ কৰিছিল ধৰে ।
দলটোৰ সংকটৰ সময়তো খোপনি নেহেৰুৱাই আদৰ্শত অটল থকা বিবেকানন্দ ধৰৰ এই বিপৰ্যয়ৰ সময়ত কাষত ঠিয় হৈছিল বোকাখাতৰ সাংবাদিক, বিজেপি যুৱ নেতা আকাশ ফুকনৰ লগতে মন্ত্ৰী অতুল বৰাৰ মানুহ। শিল্পানুৰাগী ধৰ এগৰাকী সুদক্ষ অভিনেতাও আছিল। আনৰ বাবেই অবিৰত চিন্তা কৰি , সমাজৰ হিতাৰ্থে বাদুলীপাৰৰ ‘সহায়’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মৰণোত্তৰভাৱে ইলোৰা বিজ্ঞান মঞ্চক দেহ দান কৰি থৈ গৈছে বিবেকানন্দ ধৰে। ধৰে পত্নী আৰু দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে। আনহাতে পত্নীয়েও সমান্তৰালভাৱে কৰিছে দেহ দান কৰিছে বুলি জানিব পৰা গৈছে।