আজি বোকাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা পম খেদি ১৬ মে’ত এক বিশেষ অভিযানত বোকাখাতৰ সমীপৰ বৰজুৰি বস্তি (Barjuri slum near Bokakhat)ত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (Huge quantity of drugs seized) কৰাৰ লগতে আটক কৰে দুই ড্ৰাগচ সৰবৰাহকাৰী (Two drug peddlers arrested)ক। জানিব পৰা মতে AS02AE 9406 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনত দুই সৰবৰাহকাৰীয়ে আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ।
আটকাধীন লোক কেইজন হৈছে নগাঁৱৰ হাৰমতিৰ মহম্মদ আলি হুছেইন আৰু আনজন বোকাখাতৰ বাদুলিপাৰৰ জৰাগুৰিৰ বিপুল দাস। জব্দ হোৱা ড্ৰাগছখিনিৰ ওজন ৭০ গ্ৰাম আৰু এয়া ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এতিয়ালৈকে জানিব পৰা মতে নগাঁৱৰ পৰা বোকাখাতৰ বৰজুৰীত জব্দ হোৱা ড্ৰাগছখিনি বিক্ৰী কৰিবৰ বাবে অনা হৈছিল। এই সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ অনুসন্ধান চলি আছে আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।