শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক (The Kerala Story) লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ মহাৰাষ্ট্ৰৰ এনচিপি নেতা (NCP Leader) তথা বিধায়ক জিতেন্দ্ৰ আৱহাদে (MLA Jitendra Awhad) ছবিখনৰ প্ৰযোজকক ৰাজহুৱাভাৱে ফাঁচি (Producer publicly hanged) দিয়াৰ কথা কৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিলে।
এনচিপিৰ নেতাগৰাকীয়ে সংবাদ সংস্থা এএনআইক কয়, ‘দ্য কেৰালা ষ্ট’ৰী’ নামৰ এখন ছবি নিৰ্মাণ কৰি এখন ৰাজ্য আৰু ইয়াৰ মহিলাসকলক অপমান কৰা হৈছে। চৰকাৰী পৰিসংখ্যা অনুসৰি, ৩ গৰাকী ছোৱালীৰ নিৰুদ্দেশৰ ঘটনাক ৩২ হাজাৰ নিৰুদ্দেশ হোৱা ছোৱালীৰ কাণ্ড হিচাপে আলোকপাত কৰা হৈছে। এই প্ৰৱঞ্চনা প্ৰস্তুত কৰা ব্যক্তিজনক ৰাজহুৱাভাৱে ফাঁচি দিয়া উচিত।”
সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনত উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেটে ছোৱালীক নিযুক্তি দিয়াৰ কাহিনী দেখুওৱা হৈছে। যাৰ ফলত বৰ্তমান দেশত ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে। কোনো কোনোৱে দাবী কৰে যে এই ছবিখন উগ্ৰ হিন্দুত্ববাদীৰ ‘প্ৰচাৰ’ৰ বাহিৰে আন একো নহয়। আনহাতে, বিজেপিকে ধৰি হিন্দুত্ববাদী সংগঠনৰ দাবী বেলেগ। বিজেপিশাসিত মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত ‘দ্য কেৰালা ষ্ট’ৰী’ক কৰমুক্ত ঘোষণা কৰা হৈছে যাতে অধিক লোকে ছবিখন চাব পাৰে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৰ্ণাটকৰ বাল্লাৰিত নিৰ্বাচনৰ প্ৰচাৰ চলাই ছবিখনৰ বিষয়ে কয়। তেওঁ দাবী কৰে যে এই ছবিখনে সমাজত সন্ত্ৰাসবাদৰ প্ৰকৃত ছবি দেখুৱাইছে। সেয়ে ইমান বিৰোধিতা।
এই প্ৰেক্ষাপটতে এনচিপিৰ নেতাগৰাকীয়ে ছবিখনৰ প্ৰযোজকক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰে।