ভাৰতত বহি থাকি পাকিস্তানলৈ ইটোৰ পিছত সিটোকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা নথি পঠোৱাৰ অভিযোগ ! ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (Indian Defence Research and Development Organisation) এজন বিজ্ঞানীক গ্ৰেপ্তাৰ (Scientist Arrested) পুনেত। মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদবিৰোধী শাখা এ টি এছে বুধবাৰে গ্ৰেপ্তাৰ কৰে বিজ্ঞানীগৰাকীক।
[caption id="attachment_100203" align="alignnone" width="700"] DRDO scientist arrested in Pune for providing secret intel to Pakistan:[/caption]
ধৃত বিজ্ঞানীজনে পুনেত বহি পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিছিল বুলি এ টি এছৰ বিষয়াসকলে জানিবলৈ দিয়ে। ডিআৰডিঅ’ৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় বহু নথি-পত্ৰও ‘পাকিস্তান চোৰাংচোৱা অপাৰেটিভক (পিআইঅ’) প্ৰদান কৰা হৈছিল। অভিযোগ অনুসৰি, যোৱা বুধবাৰেও তেওঁ পিআইঅ’ৰ এজন এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল। এই বিষয়টো এ টি এছৰ দৃষ্টিগোচৰ হোৱাৰ পিছত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাথমিক তদন্তত অভিযুক্ত বিজ্ঞানীজনে ভিডিঅ’ কল আৰু ছচিয়েল মিডিয়াত হোৱাটছএপ মেছেজৰ জৰিয়তে পিআইঅ’ৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে। ধৃত বিজ্ঞানীগৰাকীয়ে ডিআৰডিঅ’ত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। গতিকে বহু গোপন নথি-পত্ৰৰ কথাও তেওঁ জানিছিল। আশংকা কৰা হৈছে যে ডিআৰডিঅ’ৰ বিষয়াজনে নিজৰ পদৰ অপব্যৱহাৰ কৰাৰ কাৰণে পাকিস্তানৰ হাতত স্পৰ্শকাতৰ চৰকাৰী নথি-পত্ৰ থাকিব পাৰে, যিটোৱে পিছলৈ ভাৰতৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে।

অভিযুক্তৰ বিৰুদ্ধে মুম্বাইৰ কালাচৌকী এ টি এছ থানাত ৰুজু হৈছে বহু শাখাৰ গোচৰ। এ টি এছৰ এগৰাকী বিষয়াই কয় যে ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ ওপৰত বিশদ তদন্ত আৰম্ভ কৰা হৈছে।