আজি বিয়লি কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তঞ্চলত আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন ৷ এক গোপন খবৰৰ ভিত্তিত ডিলাই থানা অ’ চি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ আৰু চি 20 চি আৰপি এফৰ সহযোগত এক অভিযান চলাই লাহৰিজান (Lahorijan) দুদু ক’লনি (Dudu Colony) নিৱাসী নিজামুদ্দিন আৰু তেওঁৰ ভাতৃ আমিৰ উদ্দিনৰ ঘৰত তালাচী চলাই ২০ প্লাষ্টিক চাবোনৰ বাকচত 262’27 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Recovering heroin) কৰিবলৈ সক্ষম হয়৷
বাসগৃহটোত আৰক্ষীৰ তালাচী অভিযানৰ পূৰ্বেই নাজিম উদ্দিন আৰু আমিৰ উদ্দিন পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷আনহাতে উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনি নিৰপেক্ষ সাক্ষীৰ উপস্থিতি জব্দ কৰিছে আৰু এই সন্দৰ্ভত এক গোছৰ ৰুজো কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ৷