বৃহস্পতিবাৰে কাৰাগাৰত বন্দী খলিস্তানপন্থী নেতা অমৃতপাল সিঙৰ (Amritpal Singh) খুৰাককে ধৰি পৰিয়ালৰ সদস্য আৰু উকীলৰ এটা গোট ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ (Dibrugarh Jail) সন্মুখত হাজিৰ হয় আৰু চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে। শিৰোমণি গুৰদ্বাৰ প্ৰবন্ধক সমিতিৰ সদস্য ভগৱন্ত সিং ছিয়ালকা দলত অমৃতপালকে ধৰি ৯ জন কয়দীৰ পৰিয়ালৰ সদস্যৰ সৈতে পঞ্জাবৰ পৰা আহিছিল।
চণ্ডীগড় কাৰাগাৰৰ পৰা সাক্ষাৎ কৰাৰ অনুমতি লাভ কৰি বৃহস্পতিবাৰে পুৱা মোহনবাৰী বিমানবন্দৰত হাজিৰ হয় অমৃতপাল আৰু তেওঁৰ সঙ্গীসকলৰ পৰিয়ালৰ লোক। অমৃতপালৰ পৰিয়াল শুকুৰবাৰে সন্ধিয়া ঘূৰি যোৱাৰ কথা। উচ্চ ন্যায়ালয়ত অমৃতপালৰ মুক্তিৰ বাবে আবেদন দাখিল কৰা হʼব। পঞ্জাবত উপ-নিৰ্বাচনৰ পূৰ্বে অমৃতপালক গ্ৰেপ্তাৰ কৰাটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে তেওঁলোকে।
অমৃতপালৰ অধিবক্তাৰ মতে, উচ্চতম ন্যায়ালয়ে কয় যে কয়দীক পৰিয়ালৰ পৰা পৃথক কৰিব নোৱাৰি। কিন্তু এই গোচৰত হাৰিয়ানা আৰু পঞ্জাবৰ বন্দীক গ্ৰেপ্তাৰ কৰি ৩০০০ কিলোমিটাৰ দূৰলৈ আনি ৰখা হৈছে। এই ক্ষেত্ৰত দেখা যায় যে গ্ৰেপ্তাৰৰ পিছত মাত্ৰ ২-৩ ঘণ্টাত ডেৰশ পৃষ্ঠাৰো অধিক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে! চাৰি ঘণ্টাৰ ভিতৰত অসম চৰকাৰৰ অনুমোদন পূৰণ হʼল! বুজিব পাৰি যে ইতিমধ্যে সকলো সাজু হৈ আছিল। গোচৰৰ নাম সলনি কৰাৰ বাহিৰে বাকী সকলো অভিযোগ একেই ৰখা হৈছে।
অধিবক্তাগৰাকীয়ে কয়, “আইনৰ অপব্যৱহাৰ সন্দৰ্ভত আমি উচ্চ ন্যায়ালয়ত আবেদন জনাইছো। লগতে উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ধৃত ব্যক্তিসকলৰ পূৰ্বৰ কোনো অপৰাধজনিত অভিলেখ নাছিল। আশাকৰোঁ উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰিব আৰু এন এছ এ বিলুপ্ত হʼব।”
‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ অধিবক্তাই দাবী কৰে যে ছেপ্টেম্বৰ মাহত সংগঠনটোৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অমৃতপালে ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু শিখসকলৰ বাবে প্ৰচাৰ চলাইছিল। তেওঁ ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো যুদ্ধ ঘোষণা কৰা নাছিল।