ASSAM TIMES POST
গুৱাহাটীঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পদৰপৰা শনিবাৰে অৱসৰ গ্ৰহণ কৰে কুলধৰ শইকীয়াই। এই উপলক্ষে অসম আৰক্ষীয়ে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীত বিদায় সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াত শইকীয়াই বিদায় সম্ভাষণ গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত প্ৰমুখ্যে আন আন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত সংবাদ মাধ্যমত কৰ্ম জীৱনৰ স্মৃতি ৰোমন্থন কৰে শইকীয়াই। ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কত তেওঁ কয় যে অনাগত সময়ছোৱাত তেওঁ সামাজিক কাম-কাজত জড়িত হ’বলৈ ভাল পাব। ইফালে কৰ্ম জীৱনৰ ভিন্ন অভিজ্ঞতা সন্নিৱিষ্ট কৰি শইকীয়াই এখনি গ্ৰন্থ প্ৰকাশ কৰিব বুলি সদৰী কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে তেওঁক অসমবাসীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে অসমবাসীক শইকীয়াই কৃতজ্ঞতা জনায়।