ASSAM TIMES POST
নতুন দিল্লীঃ উদ্ধৱ থাক্কেৰে নেতৃত্বাধীন শিৱ সেনা, এনচিপি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰখনে শনিবাৰে মহাৰাষ্ট্ৰ বিধান সভাৰ মজিয়াত আস্থা ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়। মিত্ৰজোঁটৰ চৰকাৰখনে মুঠ ১৬৯ জন বিধায়কৰ সমৰ্থন লাভ কৰে।
উল্লেখযোগ্য যে এমএনএছ, এআইএমআইএম আৰু চিপিআই (এম)ৰ চাৰিজনকৈ বিধায়কে উক্ত আস্থা ভোটৰ সময়ত সদনত অনুপস্থিত থাকে। প্ৰসংগক্ৰমে, মিত্ৰজোঁটৰ তিনিওটা দলৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ১৫৪ জন। আস্থা ভোটৰ সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰা বুলি জানিবপৰা গৈছে।
পদত্যাগী মুখ্যমন্ত্ৰী দেবেন্দ্র ফড়নবিশ নেতৃত্বত বিজেপিয়ে, এনচিপিৰ নেতা দিলীপ ৱালছেক পাটিলক প্ৰ-টেম অধ্যক্ষ নিযুক্তি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰে। বিজেপিৰ কালিদাস কুলম্বকাৰৰ ঠাইত পাটিলক নিযুক্তি দিয়াতে বিজেপি ক্ষুন্ন হৈ পৰে। দেবেন্দ্র ফড়নবিশে ‘বন্দে মাতৰম’ পৰিবেশন নকৰাকৈয়ে বিশেষ অধিৱেশন আৰম্ভ নোহোৱা কাৰ্যক সমালোচনা কৰে।