১৮ মাৰ্চৰ পৰা পলাতক হৈ থকা মৌলবাদী প্ৰচাৰক অমৃতপাল সিঙে (Amritpal Singh) দেওবাৰে পঞ্জাব আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ (surrender) কৰে। তাৰে কেইঘণ্টামান পিছতে অমৃতপালক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ (Sent to Dibrugarh Central Jail) প্ৰেৰণ কৰা হয় হয়। আনহাতে, তেওঁৰ আঠজন সহযোগী ইতিমধ্যে দেশৰ ভিতৰতে অতি সুৰক্ষিত হিচাপে পৰিগণিত এই কাৰাগাৰত বন্দী হৈ আছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হৈছে উত্তৰ-পূবৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ সুৰক্ষিত কাৰাগাৰৰ ভিতৰত অন্যতম।
কিন্তু অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক দেশৰ আনটো প্ৰান্তলৈ লৈ অহাৰ কাৰণ কি? নিশ্চয় ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কাৰণ হৈছে যে উত্তৰ ভাৰতৰ কাৰাগাৰত থাকিলে অমৃতপালৰ সৈতে গেংষ্টাৰ বা বিচ্ছিন্নতাবাদী আন্দোলনৰ সৈতে জড়িত থকাসকলৰ সংস্পৰ্শৰ সম্ভাৱনা অধিক বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইয়াৰ উপৰি অভিযুক্তজনক আন কয়দী আৰু কাৰাগাৰৰ কৰ্মচাৰীৰ সৈতে সংযোগ স্থাপন কৰাত বাধা দিয়াৰ আন এটা কাৰণ হৈছে ভাষাৰ বাধা। তাৰ উপৰি সূত্ৰই কয় যে ডিব্ৰুগড় এখন অতি সুৰক্ষিত কাৰাগাৰ। তদুপৰি, স্থানীয় শিখ সম্প্ৰদায় খলিস্তান আন্দোলনৰ প্ৰতি সহানুভূতিশীল নহয় বুলিও বিশ্বাস কৰা হয়।
ডিব্ৰুগড় কাৰাগাৰত ইয়াৰ প্ৰায় 170 বছৰৰ ইতিহাসত কেতিয়াও কাৰাগাৰৰ পৰা পলায়ন কৰাৰ দৰে ডাঙৰ ঘটনা হোৱা নাই। যাৰ ফলত ইয়াৰ এক অত্যন্ত সুৰক্ষিত কাৰাগাৰ হিচাপে খ্যাতি বৃদ্ধি হৈছে। ডিব্ৰুগড় চহৰৰ কেন্দ্ৰত থকা কাৰাগাৰৰ অৱস্থানো কৰ্তৃপক্ষৰ বাবে যিকোনো পলায়নৰ প্ৰচেষ্টা ৰোধ কৰাৰ বাবে যথেষ্ট সুবিধাজনক বুলিও সূত্ৰই দাবী কৰে। আনহাতে, চহৰৰ উপকণ্ঠ বা প্ৰান্তীয় অঞ্চলৰ বিপৰীতে মাজমজিয়াত ইয়াৰ অৱস্থান।
উল্লেখযোগ্য যে ১৯ মাৰ্চৰ পৰা কাৰাগাৰ চৌহদৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে। সেই সময়ত ‘ৱাৰিছ পঞ্জাব দে’ৰ চাৰিজন সদস্যক তালৈ অনা হৈছিল। বৰ্তমান কাৰাগাৰখনত 24 ঘণ্টা ধৰি তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা আছে বুলি জানিব পৰা গৈছে।
কাৰাগাৰৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, “কাৰাগাৰৰ চৌহদটো অসম আৰক্ষীৰ অভিজাত ব্লেক কেট কমাণ্ডো, চিআৰপিএফ আৰু অন্যান্য সুৰক্ষা কৰ্মীয়ে ঘেৰি আছে।”
লগতে অমৃতপাল সিঙৰ সহযোগীসকলক বন্দী কৰি থোৱা কোঠাবোৰৰ সন্মুখত নতুন চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে আৰু বিকল কেমেৰাবোৰো মেৰামতি বা সলনি কৰা হৈছে।