![]()
বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ লাইনত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ (Kamakhya Temple in Guwahati) সৌন্দৰ্যবৰ্দ্ধন কৰাৰ পৰিকল্পনা অসম চৰকাৰ (Assam Government)ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক শলাগ লয়।অসম চৰকাৰৰ কামাখ্যা কৰিডৰ প্ৰকল্পক (Kamakhya Corridor Project) লৈ মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে।
তেওঁ কামাখ্যা পাহাৰীয়া মন্দিৰ আৰু ইয়াৰ আশেপাশে থকা অঞ্চলটো ভৱিষ্যতে কেনেকুৱা হʼব পাৰে তাৰ এটা এনিমেচন ভিডিঅ’ পোষ্ট কৰে। হিমন্তৰ এই টুইটটো বৃহস্পতিবাৰে ৰিটুইট কৰে মোদীয়ে। তেওঁ লিখিছে, “মই নিশ্চিত যে মা কামাখ্যা কৰিডৰ এক যুগান্তকাৰী প্ৰকল্প হʼব। আধ্যাত্মিক অভিজ্ঞতাৰ ক্ষেত্ৰত কাশী বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক (কামাখ্যা) যুগান্তকাৰী। লগতে গুৰুত্বপূৰ্ণ কথাটো হʼল ইয়াৰ দ্বাৰা পৰ্যটনৰ আকৰ্ষণ বৃদ্ধি পাব আৰু স্থানীয় অৰ্থনীতিও বৃদ্ধি পাব।”

উল্লেখযোগ্য যে ২০২১ চনত বাৰাণসীত কাশী বিশ্বনাথ কৰিডৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মোদীয়ে। কাশী বিশ্বনাথ মন্দিৰৰ পৰা গংগাৰ পাৰলৈকে ৫ লাখ বৰ্গফুট এলেকা সামৰি কৰিডৰ নিৰ্মাণ কৰা হৈছে। ২০১৯ চনত তেওঁৰ লোকসভা সমষ্টিত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল মোদীয়ে। ইয়াৰ পিছত প্ৰায় ৩৩৯ কোটি টকা ব্যয় কৰি এই কৰিডৰটো নিৰ্মাণ কৰা হয়। অৱশ্যে কামাখ্যা প্ৰকল্পৰ খৰচৰ বিষয়ে একো প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













