ASSAM TIMES POST
ডিফুঃ আজি ডিফু চহৰ স্থিত সেনা শিবিৰত ভাৰতীয় সেনা ৰেড হৰ্ণ ডিভিজনৰ সদ্ভাৱনা অভিযানৰ অধীনত বীৰ নাৰী আৰু যুদ্ধ প্ৰতিবন্ধী সকললৈ যথোচিত সম্মানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

বীৰ নাৰী আৰু প্ৰতিবন্ধী সকলে সেনাৰ শীৰ্ষ বিষয়া আৰু অন্যান্য বিষয়া সকলৰ সৈতে হোৱা মত বিনিময় কালত নিজৰ নিজৰ অভিযোগ আৰু পেঞ্চন সমস্যা সমাধানত সেনাৰ প্ৰচেষ্টাক শলাগ লয় ৷ আজিৰ সম্বৰ্ধনা কাৰ্যসূচীৰ জৰিয়তে ১৯৭১ চনতে যুদ্ধত শ্বহীদ হোৱা বীৰ সেনাৰ বীৰ পত্নী, যুদ্ধৰ সময়ত বীৰত্বৰে যুজ দি প্ৰতিবন্ধী হোৱা সত্তৰোৰ্ধৰ প্ৰাক্তন সেনা, ইএছএম চেল ডিফুক উপহাৰৰ টোপোলা-মেডেলৰে সম্বৰ্ধনা জনায় ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত সম্বৰ্ধিত বীৰ নাৰী আৰু যুদ্ধ প্ৰতিবন্ধী সকলে ৭১ৰ চনৰ স্মৃতিক সোঁৱৰি আবেগিক হৈ সেনাক কৃতজ্ঞতা প্ৰকাশ কৰে লগতে সেনা বাহিনীৰ কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় সহায়- সহযোগিতা আৰু সঁহাৰি পোৱা বুলি ব্যক্ত কৰে ৷












