পুনৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীৰ (Bokajan Police) বৃহৎ সাফল্য ।কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী চকীৰ খাকৰাজান নাকা চেকিংত বুজন পৰিমাণৰ ড্ৰাগছসহ (Drugs Seized) আটক কৰে দুজনক।
AS 15 AC 5442 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ খিনি।জব্দ কৰা ড্ৰাগছখিনিৰ ওজন হৈছে 687.26 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য 3 কোটি টকা হব বুলি আৰক্ষীয়ে জানিব দিয়ে।ডিমাপুৰৰ পৰা বৰপেটা অভিমুখে লৈ যোৱা হৈছিল ড্ৰাগছখিনি ।
ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে আব্দুল বাসীৰ ভূঞা আৰু চাফিকুল ইছলাম নামৰ দুজন ব্যক্তিক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।