দুটা হাতেৰে হাত চাপৰি মাৰিলেই একাংশই ১০ টকীয়া নোট এখন উলিয়াই দিয়ে তেওঁলোকক। একাংশই মুখ কোচায় আৰু একাংশই আঁতৰি দিয়ে। মানৱ হৈও মানৱ সমাজৰ অংশ নোহোৱা,এই সকল হৈছে “হিজৰা” (Hijra)। এই কিন্নড় অথবা হিজৰা সকলৰ জীৱন সংগ্ৰামক কেন্দ্ৰ কৰি আহি আছে এখন চুটি ছবি। নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ (Chinmoy Barma) পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনৰ শেহতীয়াকৈ এটি ৩ মিনিট দৈৰ্ঘ্যৰ টিজাৰ মুক্তি লাভ কৰিছে।
টিজাৰটো মুক্তিৰ পিছতেই চৰ্চা বুটলিছে ৰাইজৰ। সৃষ্টি কৰ্তাই বনোৱা প্ৰতিটো জীৱ-জন্তুৰ প্ৰতি সম ভালপোৱা হ’ল মানৱ জাতিৰ শ্ৰেষ্ঠ ধৰ্ম। ইয়াত কিন্নৰ বা হিজৰা বুলি বিশেষ কোনো কথা নাই। এই কথাখিনিৰ লগতে তেওঁলোকৰ সম্প্ৰদায়ৰ দুখ, কষ্ট, সংগ্ৰাম ইত্যাদিৰ বিষয়ে বিস্তৃতভাৱে ৰাইজৰ সমুখত দাঙি ধৰাৰ উদ্দেশ্যৰে উক্ত চুটি ছবিখন নিৰ্মাণ কৰা হৈছে।
আগন্তুক ২০২৪ চনত মুক্তি পাবলগীয়া এই চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে বেদব্ৰত বৰা, উদয়ন দুৱৰা, মৃণাল ৰিকু শৰ্মা, শুভ্ৰনীল বৰা, শৰৎ বৰা, জানকী শৰ্মা, পৰাগ জ্যোতি বৰ্মন, কৌশিক পৰাশৰ, তুষাৰ জ্যোতি বৰ্মন আৰু কৌশিক মেধিয়ে।