ASSAM TIMES POST
নতুন দিল্লীঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰা শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাক্কেৰেয়ে শুকুৰবাৰে এই দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছত, শনিবাৰে থাক্কেৰে নেতৃত্বাধীন এনচিপি, কংগ্ৰেছ আৰু শিৱ সেনাৰ মিত্ৰজোঁটৰ চৰকাৰখনে বিধান সভাৰ মজিয়াত আস্থা ভোটৰ মুখামুখি হ’ব লাগিব। জানিবপৰা মতে, শনিবাৰে দিনৰ ২ বজাত এই আস্থা ভোট অনুষ্ঠিত হ’ব। আস্থা ভোটৰ পৰিপ্ৰেক্ষিততে চৰকাৰখনে সম্প্ৰতি প্ৰটেম অধ্যক্ষৰ সন্ধান আৰম্ভ কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বিএছ কুছিয়াৰীয়ে উদ্ধৱ থাক্কেৰেক ৩ ডিচেম্বৰৰ ভিতৰত তেওঁৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশনা প্ৰদান কৰিছিল। ইতিমধ্যে মিত্ৰজোঁটত অতি কমেও ১৬২ জন বিধায়ক আছে বুলি চৰ্চা লাভ কৰিছে।












