নতুন গাড়ী বিক্ৰীৰ (New Car Sell) ক্ষেত্ৰত জাপানক(Japan)অতিক্ৰম কৰিছে ভাৰতে (India)। ভাৰতে মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত 4.85 নিযুত খন নতুন গাড়ী বিক্ৰী কৰে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত 28.2 শতাংশ অধিক। ইয়াৰ লগে লগে ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গাড়ী বিক্ৰেতা হৈছে। বিগত বিত্তীয় বৰ্ষত, জাপানত 4.39 নিযুতখন গাড়ী বিক্ৰী হৈছিল।

আনহাতে, চীনে বিশ্বত নতুন গাড়ী বিক্ৰীৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয় স্থানত আছে। 2022 বিত্তীয় বৰ্ষত বিক্ৰী হোৱা 4.85 নিযুত গাড়ীৰ ভিতৰত, 3.89 নিযুত যাত্ৰীবাহী গাড়ী আছিল। এইটো পূৰ্বৰ বছৰতকৈ ২৬.৭ শতাংশ বেছি। বাণিজ্যিক বাহনৰ বিক্ৰী আছিল 9,62,468 খন, যিটো আগৰ বছৰৰ তুলনাত 34.3 শতাংশ বৃদ্ধি।
মাৰুতি চুজুকি ইণ্ডিয়া আছিল আগশাৰীৰ যাত্ৰীবাহী গাড়ী বিক্ৰী কোম্পানী। জাপানী গাড়ী নিৰ্মাতা চুজুকি মটৰৰ সহায়ক কোম্পানীটোৱে যোৱা বছৰ 1.61 নিযুত বাহন বিক্ৰী কৰিছিল, যিটো হৈছে ভাৰতৰ মুঠ যাত্ৰীবাহী বাহনৰ 40 শতাংশ। দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়া-ভিত্তিক হুণ্ডাই মটৰছ। হুণ্ডাইৰ 5,67,546 খন গাড়ী বিক্ৰী কৰা হৈছে। তৃতীয় স্থানত থকা ভাৰতীয় কোম্পানী টাটা মটৰ্ছে 5,44,391 খন বাহন বিক্ৰী কৰে।