বিজেপি(BJP) এৰাৰ কথা দেওবাৰে ঘোষণা কৰি বিধায়ক পদৰ পৰা ইস্তফা দিয়াৰ পিছত সোমবাৰে কংগ্রেছ সভাপতি মল্লিকার্জুন খড়্গেৰ( Mallikarjun Kharge)উপস্থিতিত কংগ্ৰেছত যোগদান কৰে কৰ্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী(Former Chief Minister) জগদীশ শেট্টাৰে।
বেঙ্গালুৰুৰ প্রদেশ কংগ্রেছ ভৱনত জগদীশৰ যোগদান কাৰ্যসূচীত খড়্গেৰ লগতে উপস্থিত থাকে প্রদেশ কংগ্রেছৰ সভাপতি ডি কে শিৱকুমাৰ, প্রাক্তন মুখ্যমন্ত্রী তথা বিৰোধী দলৰ নেতা সিদ্দাৰামাইয়া আৰু এআইচিচিৰ দুই সাধাৰণ সম্পাদক কে চি বেণুগোপাল এআৰু ৰণদীপ সিং সুৰজেৱালা। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে লিঙ্গায়েত জনগোষ্ঠীৰ প্রভাৱশালী নেতা, হুবলি-ধাৰৱাড় সমষ্টিৰ ৬ বাৰৰ বিধায়ক জগদীশৰ এই দল সলনিয়ে কংগ্রেছৰ সুবিধা কৰিব পাৰে বুলি অনুমান কৰিছে নিৰ্বাচন বিশ্লেষকৰ একাংশই।