ASSAM TIMES POST
ডিফু : গছৰ পাতত আৰবী আখৰত আল্লাহৰ নামৰ ছাপ থকালৈ ছচিয়েল মেডিয়াত ব্যাপক প্ৰচাৰ চলি থকাৰ সময়ত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো এই লৈ ৰাইজৰ মাজত কৌতুহল সৃষ্টি হৈছে ৷
মুনিহ- তিৰুতা, ডেকা – গাভৰুৰ সকলোৰে দৃষ্টি নিবন্ধ হৈছে ঘৰৰ বাৰীত থকা কলগছ নাৰিকল গছ আৰু বিভিন্ন গছৰ পাতত ৷ গছৰ পাতত তলফালে হেনো ওলাইছে আৰবী আখৰৰ ছাপ থকা আল্লাহৰ নাম ৷ ঘটনাৰ সত্যতা বিচাৰি এই প্ৰতিবেদকে গছবোৰ নিৰিক্ষণ কৰাত প্ৰতিবেদকৰ মোবাইলত কেমেৰাতো বন্দী কৰা হৈছে গছৰ পাতৰ তলফালে বগা ৰঙেৰে আৰবী আখৰ সদৃশ আল্লাহৰ নামৰ ছাপ ৷ এই লৈ ৰাইজৰ মাজত চৰম কৌতুহল ই হেন আল্লাহৰ এক লীলা বুলি একাংশ বিশ্বাস ব্যক্ত কৰিছে ৷ সাধাৰণতে ঘৰত থকা কলগছৰ পাত আৰু নাৰিকল গছৰ পাতৰ তলৰ পৃষ্ঠাতে আৰবী আখক্ষত আল্লাৰ নাম স্পষ্ট আৰু অস্পষ্ট ৰূপত দৃশ্যমান হৈছে যদিও ইয়াৰ কোনো বিজ্ঞানসন্মত কাৰণ থকাটো এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু গছৰ পাতত আল্লাহৰ নাম থকা সন্দৰ্ভত ছচিয়ল মেডিয়াত ব্যাপক চৰ্চা চলিছে ৷