![]()
এক ঐতিহাসিক মুহূৰ্তত অসমে (Assam) “একেটা স্থানত সৰ্ববৃহৎ বিহু প্ৰদৰ্শন”ৰ (Biggest Bihu Performance) ৰেকৰ্ড সৃষ্টি (Creating record) কৰে। গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত (Guinness Book of World Records) প্ৰৱেশ কৰাৰ এক বিশাল প্ৰচেষ্টাৰ অংশ আছিল 11,000 ৰো অধিক বিহুৱতী আৰু ঢুলীয়াৰ একত্ৰিত প্ৰদৰ্শন।
১৩ এপ্ৰিল। অসমৰ বাবে ঐতিহাসিক দিন। সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত (Guwahati’s Sarusajai Stadium) সৃষ্টি হ’ল এই অভিলেখ। অৱশ্যে প্ৰথমে ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই অভিলেখ সৃষ্টিৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল।
এই মেগা বিহু প্ৰদৰ্শনৰ উদ্দেশ্য আছিল এটা স্থানত সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনৰ নতুন গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এই চমৎকাৰ সৃষ্টি কৰে ১৩ এপ্ৰিলত।

দীৰ্ঘদিনীয়া অনুশীলনৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা বিহুৱতীসকলে ইয়াত অংশগ্ৰহণ কৰে। এই বৃহৎ অনুষ্ঠানটোৰ বাবে ৰাজ্যজুৰি অডিচন অনুষ্ঠিত হৈছিল।
ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছিল যে এই অনুষ্ঠানটোৱে অসম আৰু ইয়াৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মানচিত্ৰত স্থান দিব।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছিল যে ৰাজ্য চৰকাৰে দুটা বিশ্ব অভিলেখ প্ৰচেষ্টাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰথমটো হৈছে এটা ফ্ৰেমত সৰ্ববৃহৎ বিহু নৃত্যৰ আৰু আনটো হৈছে সৰ্ববৃহৎ ঢুলীয়াৰ বাবে।
উল্লেখযোগ্য যে অনুষ্ঠানটোত জিআই টেগ (GI-tag)ৰ স্বীকৃতি লাভ কৰা ‘অসমীয়া গামোচা’ৰ (Assamese Gamosa) প্ৰমাণ-পত্ৰও ৰাজ্য চৰকাৰক প্ৰদান কৰা হয়।












