![]()
ম্যানমাৰৰ (Myanmar) সামৰিক জন্টা চৰকাৰে নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ ওপৰত বিমান আক্ৰমণ চলোৱাৰ কথা স্বীকাৰ কৰিছে। এই বিমান আক্ৰমণত কমেও ১০০ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে বহু শিশু আৰু মহিলা।

মঙলবাৰে পুৱা চাগাইং অঞ্চলৰ কানবালু টাউনশ্বিপৰ পাজিগাই গাঁৱত (Sagaing Region’s Kanbalu Township) শ শ লোকৰ সমাগম হয়। এই উপলক্ষে বিৰোধী আন্দোলনৰ স্থানীয় কাৰ্যালয় উদ্বোধন কৰা হয়। তাতেই পুৱা প্ৰায় ৮ বজাৰ পৰা আকাশৰ পৰা বোমাবৰ্ষণ আৰম্ভ হয়। এজন প্ৰত্যক্ষদৰ্শীয়ে এছোচিয়েটেড সংবাদ মাধ্যমক জনোৱা মতে, এশ পঞ্চাশজন লোক সমবেত হৈছিল। ইয়াৰ ভিতৰত ২০ৰ পৰা ৩০ গৰাকী শিশু আৰু গৰ্ভৱতী মহিলাও আছিল। সামৰিক জন্টা চৰকাৰৰ যুদ্ধ বিমানে নিক্ষেপ কৰা বোমাত তেওঁলোক নিহত হয়। নিহত হয় বিৰোধী আন্দোলনৰ স্থানীয় নেতৃত্বও। মূলতঃ তেওঁলোকৰ উদ্যোগত দলৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান চলিছিল।
প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমটো বোমা বিস্ফোৰণৰ পৰ্যায় শেষ হোৱাৰ আধা ঘণ্টাৰ পিছত এখন হেলিকপ্টাৰ আকাশত ঘূৰিবলৈ আৰম্ভ কৰে। তাৰ পৰাও গুলী আহি আছিল। বহুতৰে মৃত্যু হৈছে। কিমানজন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু প্ৰাথমিক হিচাপ অনুসৰি ২০ৰ পৰা ৩০টা শিশু, মহিলা, গৰ্ভৱতী মহিলা আৰু পুৰুষকে ধৰি এশৰো অধিক লোকৰ মৃত্যু হৈছে। ম্যানমাৰৰ সামৰিক জন্টা চৰকাৰেও এই বিমান আক্ৰমণ চলোৱাৰ কথা স্বীকাৰ কৰিছে।
সেনা চৰকাৰৰ মুখপাত্ৰই কয়, “সেই অঞ্চলত জনপ্ৰতিৰক্ষা বাহিনীৰ এটা কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান চলি আছিল। সেইখিনিতে আক্ৰমণ সংঘটিত হৈছিল।” পিডিপি হৈছে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ সশস্ত্ৰ শাখা। ৰাষ্ট্ৰীয় চৰকাৰে নিজকে নিজৰ দেশৰ আইনী চৰকাৰ বুলি দাবী কৰে। সামৰিক চৰকাৰৰ মূল বিৰোধী হিচাপেও সমগ্ৰ দেশতে কাম কৰে।
সামৰিক চৰকাৰৰ মতে, ইউনিফৰ্ম পৰিধান কৰা বিদ্ৰোহীক লক্ষ্য কৰি হত্যা কৰা হয়। লগতে কিছুমান সাধাৰণ লোকৰ মৃত্যুও হʼব পাৰে বুলিও খবৰ পোৱা গৈছে। অৱশ্যে কিমানজন লোকৰ মৃত্যু হৈছে সেই কথা কোৱা হোৱা নাই। নিজৰ নাগৰিকৰ বিৰুদ্ধে সামৰিক জন্টা চৰকাৰে কৰা বিমান আক্ৰমণক ৰাষ্ট্ৰসংঘই তীব্ৰ গৰিহণা দিছে। এই ঘটনাক লৈ আমেৰিকায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।












