কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী (Khatkhati) আৰু লাহৰিজান (Lahorijan)ত আৰক্ষীৰ দুটা পৃথক পৃথক তালাচী অভিযানত অবৈধ বাৰ্মিজ চুপাৰিকে ধৰি গাঁজা জব্দ কৰা ঘটনাত তীব্ৰ চাঞ্চস্যৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে, ড্ৰাগছ, গাঁজা, নিচাজাতীয় টেবলেটকে আদি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বোকাজান আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। ন-ন কৌশলেৰে সৰবৰাহকাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিশেষকৈ অসম- নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান, খটখটী, ডিলাই আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক ব্যৰ্থ কৰিছে বোকাজান আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৯নং আৰু ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও সীমান্তৰ অঞ্চলত বোকাজান মহকুমা আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পৰা হাত হাৰি যাব পৰা এনে সৰবৰাহকাৰী।
আজিও খটখটী আৰক্ষীয়ে নিয়মীয়া নাকাত তালাচী চলাই নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী এএছ-০২-চিচি-২১০৪ নম্বৰৰ নামন নামৰ যাত্ৰীবাহী বাছখনৰ পৰা দুটা বেগত ভৰাই অনা অৱস্থাত মুঠ ২০.৪৪ কিলোগ্ৰাম গাঁজা জব্দ (20.44 kg of ganja seized) কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত খটখটী আৰক্ষীয়ে দুটা সৰবৰাহকাৰীকো আটক (2 persons arrested) কৰিছে। ধৃত গাঁজা সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নগাঁও জিলাৰ ধিঙৰ আবু চুমা (৪৭) আৰু নগাঁও চলচলিৰ ৰছিদুল ইচলাম (২৫) বুলি জানিব পৰা গৈছে। আজি আৰক্ষীয়ে জব্দ কৰা গাঁজাখিনিৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইতিমধ্যে লাহৰিজান আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।
আনহাতে দ্বিতীয়টো খটখটীত আৰক্ষীয়ে (khatkhati Police) চলোৱা দ্বিতীয়টো অভিযানত ২২০ বস্তা বাৰ্মিজ চুপাৰিসহ (Burmese Supari seized) এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি জব্দকৃত চুৰাং বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মুল্য প্ৰায় ৬০ লক্ষাধিক হব বুলি জানিব পৰা গৈছে ৷
NL01 A C 2943 নম্বৰৰ এখন ১০ চকীয়া ট্ৰাকত বাৰ্মিজ চুপাৰিসহ চালকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় লাহৰিজান আৰক্ষীয়ে। ২২০ বস্তা বাৰ্মিজ চুপাৰিসহ ট্ৰাকখনৰ চালক মঃ বছিৰৰ আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে চোৰাং বাৰ্মিজ চুপাৰিখিনি ডিমাপুৰৰ পৰা তেজপুৰ নিয়াৰ পথত লাহৰিজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচিত জব্দ কৰা হয় ৷ সৰবৰাহকাৰীয়ে অতি কৌশলে পৰিবহণৰ সামগ্ৰী মাজত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল বাৰ্মিজ চুপাৰিখিনি৷