বৰ্তমান সময়ত অত্যাধিক চৰ্চিত বিষয়টো হৈছে IpL? নহয়, আইপিএল নহয়। সম্প্ৰতি চৰ্চাত থকা বিষয়টো হৈছে “ক’লা ভৰলু নৈ” (Bharalu Noi)। বিদেশী খেলুৱৈক কৰ্দয্যময় ক’লা ভৰলুক নেদেখুৱাবলৈ নীলা টিৰপালেৰে ঢাকি পেলালে ক’লা ভৰলু নৈখন। গুৱাহাটীৰ (Guwahati) উত্তৰণ, বিকাশ আৰু প্ৰগতিৰ বাবে প্ৰতিদিনেই পদক্ষেপ গ্ৰহণ কৰাৰ কথা টেটুফালি কৈ থকা অসম চৰকাৰৰ ফোপোলা স্বৰূপ স্পষ্ট হৈ উঠিল আজি।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইপিএল অৰ্থাৎ পঞ্জাৱৰ বিৰুদ্ধে ৰাজস্থানৰ ক্ৰিকেট মেচখন আজি অনুষ্ঠিত হৈছে গুৱাহাটীত। বিদেশী খেলুৱৈ অহা-যোৱা কৰা পথটোৰ গাতেই লাগি থকা ক’লা ভৰলুখন যাতে খেলুৱৈ সকলে নেদেখে তাৰ বাবে টিৰপাল টানি ব্যৱস্থা গ্ৰহণ কৰিলে চৰকাৰে।
চৰকাৰে এই ব্যৱস্থাটোক লৈ ছ’চিয়েল মিডিয়াত বহুল সমালোচনাৰ সন্মুখীন হৈছে জনসাধাৰণৰ।