
চাৰি বছৰ পূৰ্বে অসমৰ কামাখ্যাত (Kamakhya) পশ্চিমবংগৰ এগৰাকী মহিলাক বলি (Human Sacrifice) দিয়া হৈছিল। গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Diganta Bora) জানিবলৈ দিয়া মতে, মৃত মহিলাগৰাকীৰ নাম শান্তি সৌ (৬৪)। হুগলী জিলাৰ তাঁতীপাৰাত ঘৰ। এই ঘটনাৰ লগত জড়িত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত আন কেইজনৰ সন্ধান অব্যাহত আছে।
হুগলীৰ মহিলাক কামাখ্যাত বলি:
২০১৯ চনৰ ১৯ জুন তাৰিখে সন্ধিয়া কামাখ্যা মন্দিৰৰ জয় দুৰ্গা মন্দিৰলৈ (Jay Durga Mandir) যোৱা পথত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰে। কাষতে পূজাৰ সামগ্ৰী। আৰম্ভণিৰে পৰা আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰা বুলি সন্দেহ কৰিছিল। যদিও দেশজুৰি এই চাঞ্চল্য বিয়পি পৰিছিল, তথাপিও মহিলাগৰাকীৰ পৰিচয় জানিব পৰা নাছিল আৰক্ষীয়ে। হত্যাকাৰী ধৰা পৰা নাছিল।
ইমান দিনে সেই হত্যাৰ ৰহস্যৰ যৱনিকা পৰিল। আৰক্ষীৰ মতে, অম্বুবাচীৰ সময়ত কামাখ্যাক নৰবলি দিলে বিশেষ ক্ষমতা লাভ কৰিব বুলি অন্ধবিশ্বাসৰ বাবেই মথুৰাৰ এজন ব্যক্তি আৰু এজন সাধুৱে শান্তিক হত্যা কৰিছিল।আৰক্ষী আয়ুক্তই কয় যে শান্তি এগৰাকী সাধু আৰু আন দুগৰাকী মহিলাৰ সৈতে কামাখ্যাৰ অম্বুবাচী মেলা চাবলৈ আহিছিল। মথুৰাৰ প্ৰদীপ পাঠকে তেওঁলোকৰ লগত কথা পাতে।
প্ৰদীপে কয় যে তেওঁৰ ভাতৃ নগা সাধু হৈ পৰিছিল আৰু ১১ বছৰ পূৰ্বে ১৮ জুনত মৃত্যু হৈছিল। ভাতৃৰ ‘স্মৃতিত’ প্ৰদীপে ১৮ জুনত ভূটনাথ শ্মশান মন্দিৰত কাপালী, কাল ভৈৰৱ আৰু শান্তি পূজাৰ আয়োজন কৰিছিল। সেই পূজাত শান্তিকে ধৰি ১২ জন লোক উপস্থিত আছিল। প্ৰদীপে সকলোকে ১০ হাজাৰ টকাও দিয়ে। শান্তিয়ে গম পোৱা নাছিল যে প্ৰদীপে আচলতে তেওঁক বলিদান দিয়াৰ পৰিকল্পনা কৰিছিল। সেইমতেই দা কিনাও হৈছিল। সেই নিশা সকলোৱে কাপালী পূজাৰ পিছত মদ খাইছিল। শান্তিক জোৰকৈ খুৱাই দিয়া হৈছিল আকন্ঠ সুৰা।
শ্মশানত পূজা কৰি সকলোৱে কামাখ্যালৈ ৰাওনা হ’ল। তাত আকৌ জয় দুৰ্গা মন্দিৰত পূজা কৰা হয়। আকৌ মদ খায়। ইয়াৰ পিছত শান্তিক বগা শাৰী পিন্ধাই আগতীয়াকৈ ক্ৰয় কৰা কম্বল এখনত শুৱাই দিয়া হয়। কেজনমান মানুহে তেওঁৰ হাত-ভৰি ধৰিলে, এজনে মূৰ কাটি পেলালে। মৃতদেহটো তাত কম্বলত মেৰিয়াই কটা মূৰটো ব্ৰহ্মপুত্ৰত পেলাই দিয়া হয়।পিছত যেতিয়া শান্তিৰ পুত্ৰ সুৰেশ মাতৃৰ সন্ধানত কামাখ্যালৈ আহিছিল, তেতিয়া মৃতকৰ পৰিচয় জানিব পৰা গৈছিল। আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কোচবিহাৰৰ এজন কৈলাশ বৰ্মনৰ ঘৰত গোপন সূত্ৰ লাভ কৰি অভিযান চলায়।
শান্তিৰ মোবাইল, আধাৰ কাৰ্ড আদি উদ্ধাৰ হয়। জানিব পৰা মতে, মাতাপ্ৰসাদ পাণ্ডে নামৰ এজন সাধুৱে তেওঁলোকক এৰি থৈ গৈছিল। অসম আৰক্ষীয়ে দীৰ্ঘদিনীয়া অভিযানৰ অন্তত চলিত বৰ্ষৰ ২৫ মাৰ্চত জবলপুৰত মাতাপ্ৰসাদক গ্ৰেপ্তাৰ কৰিছিল। তেওঁক সোধাপোছা কৰাৰ অন্তত ১ এপ্ৰিলত মথুৰাৰ ঘৰৰ পৰা প্ৰদীপ পাঠকক গ্ৰেপ্তাৰ কৰা হয়। এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড এই দুজনেই বুলি ধাৰণা কৰা হৈছে।