বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত অসমৰ দৰ্শকে লাভ কৰিব আইপিএলৰ (IPL) পোনপটীয়া উন্মাদনা উপভোগৰ সুবিধা। আজি গুৱাহাটীত অনুষ্ঠিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইপিএল মেচ। ইতিমধ্যে এই মেচখনক লৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম ক্ৰিকেট সন্থাই।আনহাতে, খেলুৱৈ
তথা দৰ্শকে যাতে কোনো ধৰণৰ অসুবিধা লাভ নকৰে তাৰ বাবে সষ্টম আৰক্ষী প্ৰশাসন। আইপিএলৰ অষ্টমখন মেচত বুধবাৰে মুখামুখী হ’ব ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) আৰু পঞ্জাব কিংছ (Punjab Kings)। দুয়োটা দলেই জয়েৰে আৰম্ভ কৰিছে অভিযান। দ্বিতীয় মেচত জয়লাভ কৰি পইণ্ট তালিকাত শীর্ষস্থান দখলৰে লক্ষ্য থাকিব দুয়োটা দলৰে।
বুধবাৰৰ মেচ কোনো দলেই ঘৰুৱা খেল পথাৰত খেলাৰ সুবিধা নাপাব। যদিও গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড (Home Ground) বুলি কোৱা হৈছে, এইবাৰৰ আইপিএলত নিৰপেক্ষ ষ্টেডিয়ামত এইখনেই প্রথম মেচ। ফলত পৰিচিত উইকেট নাপাব দুয়োটা দলেই।
ৰাজস্থানত আছে অসমৰ ক্রিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)। ২২ গজৰ চৰিত্র তেওঁ বুজি পায়। সেয়ে ৰাজস্থান দলটো অলপ মনস্তাত্বিকভাৱে আগবাঢ়ি থাকিব। অৱশ্যে শেহতীয়া কেইদিনমানৰ বতৰৰ গতিবিধি লক্ষ্য কৰি মেচখনত বতৰে বিধিপথালি দিয়াৰ সম্ভাৱনা আছে।