ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে সাধাৰণ জনতাৰ নিকট সান্নিধ্য পাবলৈ সেনাৰ বিভিন্ন কল্যান মূলক কাম কাজ অব্যাহত ৰাখিছে ৷
সেনা বাহিনীৰ ডেইথৰ স্থিত ৰেড হৰ্ণ ডিভিজনৰ সেনা শিৱিৰৰ তৰফৰ পৰা সেনাৰ সদ্ভাৱনা অভিযানৰ অধীনত ডেইথৰ হাৰলংবি বেলংবি মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত ২ লাখ টকাৰ গ্ৰন্থ বিতৰণ কৰা হয় ৷ মহাবিদ্যালয়খনৰ দুশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ সমূহ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আয়োজ্ত এক সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় লোক আৰু অভিভাৱক সকল উপস্থিত থাকে ৷

মুঠ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১১ গৰাকী শিক্ষক- শিক্ষয়িত্ৰী আৰু স্থানীয় লোক উপস্থিত থাকে ৷ সভাত সেনাৰ শীৰ্ষ বিষয়া সকলে প্ৰদান কৰা ভাষণত ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনত সফলতা লাভ কৰিবলৈ অধিক পৰিশ্ৰমী হোৱাৰ বাবে আহ্বান জনায় ৷ আজি এক বিবৃতি যোগে সেনাবাহিনীৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে ৷













