বোকাজান (Bokajan) মহকুমাৰ খটখটী (Khatkhati)ৰ জনক পুখুৰীত (Janak Pond) উদ্ধাৰ (Recovered) হৈছে বুজন পৰিমানৰ সন্দেহজনক হেৰ’ইন (Heroin)৷
এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল অভিযান ৷
খটখটী আৰু বোকাজান থানাৰ অ’চি, চিআৰপিএফ ষ্টাফৰ সহযোগত অভিযান চলাই উদ্ধাৰ কৰা হয় হেৰ’ইনখিনি ৷৪৭টা চাবোনৰ বাকচত ৫৭৬ গ্ৰাম (576 grams) সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷
হেৰ’ইনখিনিৰ সৈতে অভিযানকাৰী দলটোৱে নাগালেণ্ডৰ ডিমাপুৰ (Dimapur) বৰমা কেম্পৰ ভিকেটু আয়েমিৰ পুত্ৰ কিয়াক আয়েমী (Kyak Ayemi) (৩৪)ক আটক কৰিবলৈ সক্ষম হয় ৷এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।