অসম-নাগালেণ্ড সীমান্তৰে অব্যাহত থকা নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ সুৰা নিষিদ্ধ চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ বৃদ্ধি পাইছে অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে অপৰাধী চক্ৰই নিত্য নতুন কৌশল অৱলম্বন কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাই (Dillai) আৰু বৰপথাৰত আৰক্ষী (Borpothar Police station)য়ে আলু আৰু চেনি পৰিবাহী দুখন ট্ৰাকত তালাচী (Truck searched) চলাই কেইবাশ কাৰ্টন অৰুণাচলী (Hundreds of cartons Arunachali) আৰু কেৱল অসমত বিক্ৰীৰ (Sales in Assam) অনুমতি থকা সুৰা জব্দ (Liquor seized) কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱা নিশা ডিলাই থানা (Dillai Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰাৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক দীপক লাহনৰ সহযোগত আৰক্ষীৰ এটা দলে ডিলাই তিনিআলিত তালাচী অভিযান চলায়।
উক্ত অভিযানত আৰক্ষীয়ে নিশা প্ৰায় ৮.৫০ বজাত এন এল-০১-কে-৪৫১৫ নম্বৰৰ ট্ৰাক খনত তালাচী চলাই আলুৰ বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত ৫০০ কাৰ্টন কেৱল অসমত বিক্ৰীৰ অনুমতি থকা সুৰা জব্দ কৰিবলৈ সক্ষম হয়। দুশ বস্তা আলুৰ তলত লুকুৱাই সুৰা খিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল।
জব্দ হোৱা অৰুণাচলী সুৰাখিনিৰ বজাৰ মূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা। আৰক্ষীয়ে আলুসহ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক খনৰ চালক বৰপেটা জিলাৰ সৰ্থেবাৰী বগচাৰা গাঁৱৰ আগুৰ আলি (২০)ক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।
আনহাতে, আজি পুৱা প্ৰায় ৮.৩০ বজাত এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খকৰাজান (Khakarajan)ত তালাচী চলাই এন এল-০১- এ ই-০৭৮৭ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই চেনীৰ বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত ৩৭০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে কেইবাশ চেনীৰ বস্তাৰ লগতে ট্ৰাখনো জব্দ কৰিছে। জব্দ হোৱা সুৰা খিনিৰ বজাৰমূল্য কমেও প্ৰায় দহ লাখ টকা। আৰক্ষীয়ে এই সন্দৰ্ভত ট্ৰাক খনৰ চালক মনোজ কুমাৰ যাদৱক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।