গুজৰাট আৰক্ষী (Gujrat Police)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ (Poster) লগোৱাৰ অপৰাধত আহমেদাবাদৰ পৰা ৮জন লোকক গ্ৰেপ্তাৰ (8 persons arrested) কৰে। সংবাদ সংস্থা এএনআইৰ সূত্ৰত এই কথা প্ৰকাশ। আহমেদাবাদকে ধৰি গুজৰাটৰ বিভিন্ন স্থানত ‘মোডী হটাও, দেশ বাচাও’ (Modi hatao, Desh Basao) লিখা পোষ্টাৰ লগোৱাৰ অভিযোগ উত্থাপন হৈছে ।
বৃহস্পতিবাৰে দেশৰ বিভিন্ন প্ৰান্তত মোডীৰ বিৰুদ্ধে পোষ্টাৰ প্ৰচাৰৰ আহ্বান কৰে আম আদমী পাৰ্টি (AAP)য়ে। আপে জনাইছে যে দেশৰ এঘাৰটা ভাষাত পোষ্টাৰ ছপা কৰি বিভিন্ন ৰাজ্যত বিতৰণ কৰা হʼব। শুকুৰবাৰৰ ঘটনাৰ দায়িত্বও গ্ৰহণ কৰিছে আপে। গুজৰাটৰ আপৰ সভাপতি ইছুদান গাদভিয়ে দাবী কৰিছে যে গ্ৰেপ্তাৰ হোৱা ৮ জন লোক আটাইকেইজনেই আপৰ সক্ৰিয়কৰ্মী। আৰক্ষীৰ মতে, নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত উক্ত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত তেওঁলোকে সুকীয়া তদন্ত চলাই আছে।
আপৰ হৈ এটা টুইটত কোৱা হৈছে যে বিজেপিৰ একনায়কত্ববাদী নীতি চৰম স্তৰত উপনীত হৈছে। এই টুইটটোত এই প্ৰশ্নও উত্থাপন হৈছে যে সামান্য পোষ্টাৰ লগোৱাৰ বাবে কোনোবাই কিয় গ্ৰেপ্তাৰ হʼব। এই গ্ৰেপ্তাৰৰ পৰা নিৰ্ভীক হৈ আম আদমি পাৰ্টিৰ (Aam Aadmi Party) সদস্যসকলে বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাব বুলিও কোৱা হৈছে।
যোৱা সপ্তাহত দিল্লীত মোডীৰ বিৰুদ্ধে কেইবাখনো পোষ্টাৰ দেখা গৈছিল। এই ঘটনাত ৪৯টা অভিযোগ দাখিল কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন লোকক। এই সন্দৰ্ভত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ সংস্থা পিটিআইক কয়, “ব্ৰিটিছ শাসনতো পোষ্টাৰ লগোৱাৰ বাবে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। কিন্তু স্বাধীন ভাৰতত এই অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি আছে।”