এগৰাকী ৭০ বছৰীয়া অন্ধ মহিলা (70-year-old blind woman)ক ধৰ্ষণ (Rape)ৰ অভিযোগ। অভিযুক্ত তেওঁৰ পুৰণি ঘৰৰ মালিক (accused owns old house)। ঝাৰখণ্ডৰ ধানবাদৰ (Dhanbad of Jharkhand) এই ঘটনা।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰ্যাতিতাই ধানবাদৰ চুদামডিহ অঞ্চলত বাস কৰে। এই অঞ্চলটো ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা ১৭০ কিলোমিটাৰ দূৰত্বত। ৭০ বছৰীয়া মহিলাগৰাকীয়ে চকুৰে দেখা নাপায়। যোৱা সোমবাৰে মহিলাগৰাকী অকলে নিজৰ ঘৰত আছিল। তাৰ পিছতে অভিযুক্তই ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰে।
বুধবাৰে থানাত ৫৫ বছৰীয়া ব্যক্তি এজনৰ বিৰুদ্ধে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে ভুক্তভোগীৰ আত্মীয়ই। চুদামডিহ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ ৰাণাই জনোৱা মতে, এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা ব্যক্তিজন সন্ধানহীন হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী আৰু পৰিয়ালৰ লোকক জেৰা কৰা হৈছে। পুত্ৰই জানিবলৈ দিয়া মতে, আগতে তেওঁলোক অভিযুক্তৰ ঘৰত ভাড়াত আছিল। কেইমাহমান আগতে সেই ঘৰটো এৰি চুদামদিহ অঞ্চললৈ গুচি যায়।