আমেৰিকাৰ (America) পিছত এইবাৰ জাৰ্মানীৰ (Germany) বৈদেশিক মন্ত্ৰালয়ে ৰাহুল গান্ধীৰ (Rahul Gandhi) সাংসদ পদ নাকচ কৰাক লৈ মুখ খুলিলে। তাকে লৈ পুনৰ আৰম্ভ হৈছে মোডী চৰকাৰ আৰু কংগ্ৰেছৰ মাজত বাকবিতণ্ডা।
দুদিন পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই ৱাশ্বিংটনত (Washington) কৈছিল যে তেওঁলোকে ৰাহুলৰ গোচৰৰ ওপৰত নজৰ ৰাখিছে। মোডী উপাধিৰ ওপৰত মন্তব্য কৰাৰ বাবে ৰাহুলক কাৰাবন্দী আৰু সাংসদ হিচাপে অযোগ্য ঘোষণাক লৈ “গণতন্ত্ৰত বাক স্বাধীনতাৰ প্ৰয়োজনীয়তা” ৰ কথাও আমেৰিকাই তেওঁলোকক সোঁৱৰাই দিয়ে। বৃহস্পতিবাৰে জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ৰাহুলৰ বিৰুদ্ধে আদালতৰ ৰায় আৰু তেওঁৰ সংসদীয় পদৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিৰীক্ষণ কৰি আছে।
এই শাস্তি বাতিল কৰা হʼবনে নহয়, সাংসদগৰাকীৰ পদ খাৰিজ হʼবনে বাহাল ৰখা হʼব, এই সকলোবোৰ নিৰ্ভৰ কৰিব উচ্চ ন্যায়ালয়ৰ আবেদনৰ ওপৰত। জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰয়ো কয় যে তেওঁলোকে আশা কৰিছে যে ন্যায়পালিকাৰ স্বাধীনতা আৰু গণতান্ত্ৰিক নীতি-নিয়ম বজাই ৰখা হʼব।
এই সন্দৰ্ভত কংগ্ৰেছে প্ৰত্যুত্তৰ দিছে যে মোডী চৰকাৰে আচলতে আদানী কেলেংকাৰীৰ পৰা দৃষ্টি আঁতৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু কংগ্ৰেছেও এই প্ৰশ্নৰ উত্তৰত দিগ্বিজয়ৰ মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখিলে।
কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে (Jairam Ramesh) কয়, “কংগ্ৰেছৰ মতে মোডীয়ে গণতন্ত্ৰৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি কৰিছে ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰতে মোকাবিলা কৰিব লাগিব। আমাৰ প্ৰতিষ্ঠান, প্ৰতিশোধৰ ৰাজনীতিত মোডীৰ আক্ৰমণক কংগ্ৰেছ আৰু বিৰোধী দলসমূহে প্ৰতিহত কৰিব।” বৰঞ্চ ভাৰতৰ সমস্যাৰ সমাধান ভাৰততে হʼব বুলিও তেওঁ কয়৷